/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ea6e7acf-be36-43b3-94a4-12b321ba255c/z18.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে কেইবাটাও বিষয়ৰ গুৰুত্বপূৰ্ণ সভা আৰু অনুষ্ঠান অনুষ্ঠিত হয় ।ইয়াৰ ভিতৰত আছিল ভাৰত চৰকাৰৰ "মেৰী পলিচি মেৰে হাথ" শীৰ্ষক অভিযানৰ শস্য বীমা পলিচি বিতৰণ অনুষ্ঠান। কৃষক ৰাইজৰ মাজত "প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা" (PMFBY) আঁচনিৰ অধীনত জিলাখনৰ ৮জন কৃষকৰ মাজত জিলা আয়ুক্ত শ্ৰী নিবেদন দাস পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে বীমা পলিচি বিতৰণ কৰে৷
সভাত জিলা কৃষি বিষয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কৃষকক এই আঁচনিৰ লাভালাভৰ বিষয়ে অৱগত কৰায়। উক্ত সভাত উপস্থিত থাকে অতিৰিক্ত জিলা আয়ুক্ত অভিজিত গগৈ, জিলা কৃষি বিষয়া ৰবীন য়েইনকে ধৰি ডিএলএমচি সদস্য, পিএমএফবিৱাই বিষয়ববীয়া, কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী তথা কেইবাজনো কৃষক।
একেটা দিনতে জিলা আয়ুক্তগৰাকী জিলাখনৰ বিভিন্ন চাহ-বাগিচাৰ পৰিচালকৰ সৈতে মিলিত হয়। আগন্তুক পূজাৰ সময়ত শ্ৰমিকসকলৰ মাজত বানচ বিতৰণৰ কাম যাতে সূচাৰুৰূপে সম্পন্ন হয় সেয়া নিশ্চিত কৰাৰ বাবে আয়ুক্তগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে।
সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো গাঁৱে-ভূঞে লুকাই থকা সাংস্কৃতিক ক্ষেত্ৰৰ সুপ্ত প্ৰতিভাসমূহ বিচাৰি উলিওৱাৰ বাবে আয়োজিত হ'বলগীয়া 'সাংস্কৃতিক মহাৰণ' কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আয়োজিত আন এক গুৰুত্বপূৰ্ণ সভাত আয়ুক্তগৰাকীয়ে বিভিন্ন পঞ্চায়তৰ সভাপতি, সচিব, উন্নয়ন খণ্ডৰ বিষয়াসকলক যাৱতীয় উপদেশ আৰু নিৰ্দেশনা প্ৰদান কৰে। উক্ত সভাত চৰাইদেউ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, অতিৰিক্ত আয়ুক্ত মিৰ্জানা হুছেইন আৰু অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে।
Also Read: চাকৰিৰ প্ৰলোভনেৰে নৈশ যাপন কৰি হাতে-লোটে ধৰা পৰিল বিজেপি নেতা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us