Advertisment

শিৱসাগৰৰ বিখ্যাত বৰুৱা পৰিয়ালে প্ৰকাশ কৰা কেলেণ্ডাৰে ভৰি দিলে ৭৫ বছৰত

ইংৰাজী নতুন বছৰৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰৰ এটা ছপাশালে মুকলি কৰিলে এখন কেলেণ্ডাৰ ৷ এইটো এক সাধাৰণ বিষয় যেন লাগিলেও কেলেণ্ডাৰখনৰ লগত কেইবাটাও প্ৰজন্মৰ আৱেগ অনুভূতি জড়িত হৈ আছে ৷

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ বিখ্যাত বৰুৱা পৰিয়ালে প্ৰকাশ কৰা কেলেণ্ডাৰে ভৰি দিলে ৭৫ বছৰত

ডিজিটেল সংবাদ শিৱসাগৰঃ ইংৰাজী নতুন বছৰৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰৰ এটা ছপাশালে মুকলি কৰিলে এখন কেলেণ্ডাৰ ৷ এইটো এক সাধাৰণ বিষয় যেন লাগিলেও কেলেণ্ডাৰখনৰ লগত কেইবাটাও প্ৰজন্মৰ আৱেগ অনুভূতি জড়িত হৈ আছে ৷ ইংৰাজী নতুন বছৰৰ বতৰা দিয়ে এখন বিশেষ কেলেণ্ডাৰখনে। 

Advertisment

বিগত ৭৫ বছৰ ধৰি শিৱসাগৰৰ ৰঞ্জন প্ৰেছে এই কেলেণ্ডাৰখন প্ৰকাশ কৰি আহিছে। বিগত ৭ টা দশক ধৰি শিৱসাগৰীয়া ৰাইজৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ স্বৰূপ হৈ পৰিছে এই কেলেণ্ডাৰ।

অসমৰ আটাইতকৈ সঠিক আৰু নিৰ্ভৰযোগ্য বুলি বহুলভাৱে গণ্য কৰা এই কেলেণ্ডাৰখনত চৰকাৰী আৰু বেংকৰ ছুটীৰ দিনবোৰ নিখুঁতভাৱে তালিকাভুক্ত কৰা হয়। কেলেণ্ডাৰখন নিৰ্ভুল ভাবে ৰঞ্জন প্ৰেছে বিগত ৭৫ টা বছৰ ধৰি প্ৰকাশ কৰি আহিছে। এই যাত্ৰা আৰম্ভ হৈছিল ১৯৫০ চনত । 

উল্লেখ্য যে, শিৱসাগৰ চহৰৰ প্ৰয়াত মনোৰঞ্জন বৰুৱাই এই ৰঞ্জন প্ৰেছ প্ৰতিষ্ঠা কৰিছিল ৷ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা আৰু মনোৰঞ্জন বৰুৱা সম্পৰ্কীয় ভায়েক-ককায়েক ৷ তেওঁলোকে ব্যৱসায় হিচাপে ছপাশাল বাচি লৈছিল ৷

ৰাধাগোবিন্দ বৰুৱাৰ পিতৃ গুণগোৱিন্দ বৰুৱাই ১৯৩৮ চনত ডিব্ৰুগড়ত ‘বৰুৱা প্ৰেছ ’ প্ৰতিষ্ঠা কৰিছিল ৷ যি প্ৰেছৰ পৰা ‘আসাম ট্ৰিবিউন ’ কাকতখনত প্ৰকাশ হৈছিল ৷ পৰৱৰ্তী সময়ত ৰাধাগোবিন্দ বৰুৱাই গুৱাহাটীত ছপাশাল প্ৰতিষ্ঠা কৰি ‘আসাম ট্ৰিবিউন’ কাকতখন গুৱাহাটীৰ পৰা প্ৰকাশ কৰাৰ কিছুদিনৰ পিছত মনোৰঞ্জন বৰুৱাই শিৱসাগৰ চহৰৰ জে পি আগৰৱালা পথৰ কাষত এই ৰঞ্জন প্ৰেছ প্ৰতিষ্ঠা কৰিছিল৷

তেতিয়াৰে পৰা বৰুৱা পৰিয়ালে এই কেলেণ্ডাৰখন প্ৰতিবছৰে প্ৰকাশ কৰি আহিছে ৷ শিৱসাগৰেই নহয় অসমৰ বিভিন্ন অঞ্চলৰ নাগৰিকে মৰম আৰু শ্ৰদ্ধাৰে দেৱালয়ত আঁৰি থোৱা এই কেলেণ্ডাৰ বহুতৰ বাবে "দেৱাল ডায়েৰী"। 

ৰঞ্জন প্ৰেছৰ এই কেলেণ্ডাৰখনত তাৰিখ আৰু বাৰবোৰ স্পষ্টকৈ জিলিকি থাকে। ব্যৱহাৰকাৰীৰ বাবে দিন বাৰ চোৱাৰ এক বিশ্বাসযোগ্য মাধ্যম এই কেলেণ্ডাৰ। ৰঞ্জন প্ৰেছৰ এই কেলেণ্ডাৰৰ বাবে বহু গ্ৰাহকে অপেক্ষা কৰি থাকে।

নতুন বছৰ আহিলেই এই কেলেণ্ডাৰ ক্ৰয় কৰাটো বহুতৰ বাবে এক অপৰিহাৰ্য কৰ্ম। বিগত ৭৫ বছৰ ধৰি উচ্চমানৰ নিখুঁত কেলেণ্ডাৰ প্ৰকাশৰ জৰিয়তে ৰঞ্জন প্ৰেছে শিৱসাগৰবাসীৰ লগতে আন আন জিলাৰ অনেক লোকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি আহিছে।

এটা সময়ত ৰঞ্জন প্ৰেছৰ মূল গৃহটোৰ এটা কোঠাত আয়াৰলেণ্ডত চিকিৎসাশাস্ত্ৰৰ উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰি অহা ডা° ৰঞ্জন বৰুৱাই মানুহক ন্যূনতম মূল্যত চিকিৎসা সেৱা আগবঢ়াইছিল ৷ চিকিৎসকগৰাকীৰ ওচৰলৈ যোৱা ৰোগীয়েও ৰঞ্জন প্ৰেছৰ পৰা তেওঁলোকে ছপা কৰা বিশেষ কেলেণ্ডাৰখন সংগ্ৰহ কৰিছিল ৷

বিখ্যাত বৰুৱা পৰিয়ালৰ দুটা প্ৰজন্মৰ পিছত এতিয়া তৃতীয়টো প্ৰজন্মই ছপাশালটো পৰিচালনা কৰিছে ৷ ৰঞ্জন প্ৰেছৰ তৃতীয় প্ৰজন্মৰ স্বত্বাধিকাৰী মানস ৰঞ্জন বৰুৱাই কয়, "আমি ইমান দিনে শিৱসাগৰ সহিতে আন আন জিলাৰ জনসাধাৰণৰ বিশ্বাসভাজন হৈ গৌৰৱান্বিত। আমাৰ কেলেণ্ডাৰসমূহ এক পৰম্পৰাত পৰিণত হৈছে ৷ আমি এই উত্তৰাধিকাৰ অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"

শিৱসাগৰ চহৰৰ মাজমজিয়াৰ জ্যোতি প্ৰসাদ আগৰৱালা পথৰ কাষত অৱস্থিত ৰঞ্জন প্ৰেছৰ এই কেলেণ্ডাৰ ডিজিটেল যুগটো বহুতৰ বাবে অতি প্ৰয়োজনীয় । ইয়াৰ উপৰি শিৱসাগৰৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ অপৰিহাৰ্য অংগ এই কেলেণ্ডাৰ। চৰকাৰী কাৰ্যালয়সমূহৰ দেৱাল এই কেলেণ্ডাৰে বিগত ৭৫ বছৰ ধৰি অধিকাৰ কৰি আছে। 

ক'ভিড -১৯ মহামাৰীৰ পূৰ্বলৈকে পৰিয়ালটোৱে এই কেলেণ্ডাৰখন সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰিছিল৷ কিন্তু কডিভ পিছত সৃষ্টি হোৱা অৰ্থনৈতিক সমস্যাই আন বহু ছপাশালৰ লগতে ৰঞ্জন প্ৰেছকো একপ্ৰকাৰে জুৰুলা কৰিলে ৷ যাৰবাবে ৰঞ্জন প্ৰেছে এই কেলেণ্ডাৰখনৰ ন্যূনতম মূল্য নিৰ্ধাৰণ কৰিবলগীয়া হয় ৷ ক'ভিড মহামাৰীৰ পূৰ্বলৈকে এই কেলেণ্ডাৰখন ৰঙীন নাছিল, এতিয়া তেওঁলোকে ৰঙীন হিচাপে কেলেণ্ডাৰখন ছপা কৰিছে ৷

কেলেণ্ডাৰ