/asomiyapratidin/media/media_files/2025/10/01/1-2025-10-01-12-05-57.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো “ৰামানুজন শিক্ষক বঁটা ২০২৫” প্ৰদান কৰা হৈছে অসমৰ বৰেণ্য তিনি গৰাকী শিক্ষাবিদ ক্ৰমে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ইমৰান শ্বাহ , বিশিষ্ট বিজ্ঞানী ড° দিনেশ চন্দ্ৰ গোস্বামী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড° লীলাৱতী শইকীয়া বৰাক ।
শিক্ষক দিৱসৰ দিনটোতেই সেই বঁটা সমূহ প্ৰদান কৰা হয় যদিও শাৰীৰিক সমস্যা জনিত কাৰণত অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰাৰ হেতু অধ্যক্ষ দিলীপ বৰা-উপাধ্যক্ষা সংগীতা বৰুৱা বৰা সমন্বিতে ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ এটা শিক্ষক গোটে আজি ইমৰান শ্বাহৰ শিৱসাগৰস্থিত স্বগৃহলৈ গৈ এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত বঁটাটো প্ৰদান কৰে।
শ্বাহৰ জী-জোঁৱাই সমন্বিতে পৰিয়ালৰ সদস্য সকলৰ আতিথ্যত অনুষ্ঠিত উক্ত অনুষ্ঠানখনত যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জ্যোতিপ্ৰসাদ শইকীয়াৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি,শিক্ষাগুৰু উপস্থিত থাকি অনুষ্ঠানখন সফল ৰূপায়ণত প্ৰেৰণা যোগায়।
উল্লেখযোগ্য যে ৰামানুজন শিক্ষক বঁটা ২০২৫ গ্ৰহণ কৰি শ্বাহে আত্মসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু পৰিৱৰ্তিত সামাজিক পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষক সকলৰ বাবে এই সময়খিনি অতি দায়িত্ব পালনৰ সময় বুলি অভিহিত কৰে ।
অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত ৰামানুজনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ইয়াৰ বাবে অধিক সচেতন হোৱাৰ প্ৰসংগ ডাঙি ধৰি তেওঁ অসম তথা ভাৰতৰে উল্লেখযোগ্য শিক্ষানুষ্ঠানখনৰ শিক্ষক সমাজত কৃত্ৰিম বুদ্ধিমত্তাই জন্ম দিয়া পৰিবেশত প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি আধুনিক পৰিবৰ্তিত শিক্ষা ব্যৱস্থাৰ সৈতে যোগাসূত্ৰ স্থাপনৰো আহ্বান জনায়।
ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটৰ ফালৰ পৰা মমী দেৱী শৰ্মা, পৰাগ বৰা , মৃদুল বৰা, পূজা বৰা আদি শিক্ষক-শিক্ষয়িত্ৰী সকল আৰু অভিভাৱক শ্ৰী যুত মুকুট মুদৈৰ উপস্থিতিত অনুষ্ঠানটি সুন্দৰকৈ ৰূপায়িত হয় ।