শিৱসাগৰত পানীদিহিং পক্ষী অভয়াৰণ্যত কণীযুক্ত মাছ আৰু  দিচাংমুখত শিহু নিধন...

শিৱসাগৰত জিলা মীন বিভাগ, বন সংমণ্ডল বিষয়া, কৰ্মচাৰীৰ উদাসীনতাৰ বাবে থলুৱা প্ৰজাতিৰ মাছৰ বংশবৃদ্ধিত ব্যাঘাত জন্মিছে৷ ভাবুকি নামিছে থলুৱা প্ৰজাতিৰ মাছৰ অস্তিত্বৰ প্ৰতি ৷ 

author-image
Tushar Pratim
New Update
শিৱসাগৰত পানীদিহিং পক্ষী অভয়াৰণ্যত কণীযুক্ত মাছ আৰু  দিচাংমুখত শিহু নিধন...

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত জিলা মীন বিভাগৰ লগতে বন সংমণ্ডল বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ উদাসীনতাৰ বাবে থলুৱা প্ৰজাতিৰ মাছৰ বংশবৃদ্ধিত ব্যাঘাত জন্মিছে৷ তদুপৰি থলুৱা প্ৰজাতিৰ মাছৰ অস্তিত্বৰ প্ৰতি ভাবুকি নামি আহিছে৷ 

Advertisment

ইমানেই নহয় দিচাংমুখৰ পুৰণি জাহাজঘাটৰ সমীপত ব্ৰক্ষ্মপুত্ৰত নিশা জাল পাতি একাংশই মাছৰ লগতে শিহু নিধন কৰিছে৷  মীন আইন ভংগৰ লগতে প্ৰশাসনৰ কঠোৰ নিৰ্দেশ অৱমাননা কৰি শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত একাংশ  কণী পাৰিবলগীয়া মাছ নিধন যজ্ঞত জঁপিয়াই পৰিছে৷

মীন বিভাগৰ বিয়াগোম বিষয়াৰ চকুৰ সন্মুখতেই একাংশ লোকে কণীযুক্ত মাছ ধৰি মুকলিমূৰীয়াকৈ বিক্ৰী কৰিছে৷ জিলাখনৰ ৰূদ্ৰসাগৰ, গৌৰীসাগৰ, পহুগড়, দিখৌমুখ, মৰিদিচাং, চৰগুৱা আদি অঞ্চলত কণীযুক্ত মাছ ধৰাৰ অঘোষিত প্ৰতিযোগিতা চলিছে৷ 

তদুপৰি শিৱসাগৰ বন সংমণ্ডলৰ  বিষয়া, কৰ্মচাৰীৰ চকুৰ সন্মুখতেই একাংশ লোকে শিৱসাগৰ জিলাৰ একমাত্ৰ পক্ষী অভয়াৰণ্য পানীদিহিং সংলগ্ন বিল তথা জলাশয়সমূহত কণী পাৰিবলগীয়া থলুৱা প্ৰজাতিৰ মাছ নিধন কৰিছে৷ পক্ষী অভয়াৰণ্যখনৰ বিল আৰু জলাশয়ত অবৈধভাৱে মাছ ধৰি শিৱসাগৰ চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বিক্ৰী কৰিছে৷

শিৱসাগৰ জিলাৰ প্ৰতিখন বজাৰ, চহৰৰ তিনিআলি, চাৰিআলি আৰু চহৰৰ উপকণ্ঠ অঞ্চলৰ তিনিআলি চাৰিআলিৰ কাষৰ পদপথত কণীযুক্ত মাছৰ মুকলি বেহা চলিছে যদিও এই কাৰ্যত বাধা দিওতা কোনো নাই৷  শিৱসাগৰ জিলাৰ মীন বিষয়াৰ কাৰ্যলয়ৰ কাষতেই থকা দুখনকৈ দৈনিক বজাৰত পুৱাৰ পৰা নিশালৈকে  কুইন্টল কুইন্টল কণীযুক্ত থলুৱা মাছ বিক্ৰী হৈছে৷ 

চহৰৰ বাবুপট্টি, দৰবাৰ ৰোড, কে পি চাৰিআলি, দৰিকাপাৰ, পলসনি আদিতো কণীযুক্ত থলুৱা প্ৰজাতিৰ মাছৰ মুকলি বেহা চলিছে যদিও এইবোৰ দিশলৈ চকু দিওঁতা কোনো নাই। শিৱসাগৰৰ দিচাংমুখৰ পুৰণি জাহাজঘাটত সকলোৰে পৰিচিত একাংশই নিশা ব্ৰহ্মপুত্ৰত জাল পাতি মাছৰ লগতে বিলুপ্তিৰ পথত থকা শিহু নিধন কৰিছে৷অথচ এই চক্ৰটোক কোনেও নাকী লগোৱা নাই। 

উল্লেখ্য যে প্ৰতিবছৰৰ মাৰ্চ মাহৰ শেষ ভাগৰ পৰা জুলাই মাহৰ মাজভাগলৈকে এই সময়ছোৱা মাছৰ প্ৰজনন ঋতু৷  এই সময়চোৱাৰ ভিতৰত থলুৱা প্ৰজাতিৰ ৰৌ,  কুঢ়ি, মিৰিকা, মালী, চিতল, খৰিয়া, পিঠিয়া, শিল ঘৰীয়া, বৰালি, আঁৰি, শিঙি, শিঙৰা, মুৱা, পুঠি, শ’ল, শাল আদি  মাছৰ প্ৰজননৰ সময়৷ 

এই সময়চোৱাতে উপৰুক্ত থলুৱা প্ৰজাতিৰ মাছে কণীপাৰি বংশবৃদ্ধি কৰে৷ গাঁও পঞ্চায়ত নিৰ্বাচনৰ ধামখুমীয়াত প্ৰশাসন তথা বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী ব্যস্ত থকাৰ সুযোগ  গ্ৰহণ কৰিয়েই একাংশ লোকে যোৱা এটা মাহে  শুক্ৰ থকা গাভিনী মাছ ধৰি মুকলি বজাৰত বিক্ৰী কৰিছে। 

শিৱসাগৰ জিলাৰ একমাত্ৰ পক্ষী অভয়াৰণ্য পানীদিহিঙৰ জলাশয়সমূহত বন বিভাগৰ বিষয়া, কৰ্মচাৰীৰ চকুৰ সন্মুখতেই কণী পাৰিবলগীয়া কুইন্টল কুইন্টল মাছ ধৰি একাংশ লোকে বজাৰত বিক্ৰী কৰিছে৷ বন বিভাগৰ বিষয়া, কৰ্মচাৰীয়ে এনে ব্যক্তিক কৰায়ত্ব কৰাৰ লগতে তেওঁলোকৰ জালসমূহ জব্দ কৰাৰ পৰা বিৰত আছে৷ 

জিলাখনৰ দিচাং, দিহিং নদীৰ উপৰিও দিচাংমুখৰ লংচাই, ঐতিহাসিক পহুগড়ৰৰ  জান তথা জলাশয়ত একাংশ লোকে এনে মাছ ধৰি মুকলি বজাৰত বিক্ৰী কৰিছে৷ দিহিং নদীত ধৰা থলুৱা প্ৰজাতিৰ বৃহৎ বৃহৎ মাছ চহৰৰ বজাৰসমূহলৈ পুৱাৰ ভাগতেই গাড়ী, মটৰচাইকেলেৰে কঢ়িয়াই আনি বিক্ৰী কৰিছে যদিও মীন বিভাগ মৌন হৈ আছে৷

উল্লেখ্য যে যোৱা ১১ এপ্ৰিলত শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ আয়ুস গৰ্গে এক আদেশ যোগে  অসম মীন বিধি, ১৯৫৩ আৰু অসম মীন (সংশোধনী) নিয়ম অনুসৰি ১ এপ্ৰিলৰ পৰা  ১৫ জুলাইলৈকে মাছৰ প্ৰজননৰ সময়ছোৱাত মাছ ধৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বিভিন্ন আকাৰৰ জাল ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল।  সমগ্ৰ শিৱসাগৰ জিলাত ধাৰা ১৬৩ বি এন এছ এছ ৰ অধীনত মাছ ধাৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা জাল ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। 

 ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে  বৰজাল, মহাজাল, ফাঁচীজাল, ভোৰজাল, আৰু ৭ ছে, মি. ৰ পৰা ১৪ ছে. মি. ৰ কম ঘনত্বৰ জাল ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। লগতে এই সময়ছোৱাত ফাঁচীজাল, বৰজাল, মহাজাল, ভোৰজালৰ ২.৫  ইঞ্চিৰ কম বৰ্গক্ষেত্ৰৰ যিকোনো জালৰ  ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। 

দণ্ডাধীশে, মিৰিকা, বাহু, মালি, চিতল, খোৰিয়া, পিঠিয়া, ঘোৰিয়া আৰু কুৰি ইত্যাদি মাছৰ কণী আৰু মাছ নিধন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। উক্ত আদেশ তাৎক্ষণিকভাবে কাৰ্যকৰী হোৱাকৈ বলবৎ কৰা হৈছিল ৷ 

উক্ত আদেশ উলংঘা কৰিলে ইউ/এচ ২২৩/২০২৩ ৰ অধীনত দণ্ডণীয় হ’ব বুলি প্ৰশাসনে সকীয়াই দিছিল৷ প্ৰশাসনৰ এই নিষেধাজ্ঞা মীন বিভাগৰ লগতে বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছিল যদিও বাস্তৱত দুয়োটা বিভাগেই বিষয়টো এৰি চলাত থলুৱা প্ৰজাতিৰ মাছৰ অস্তিত্বলৈ ভাবুকি নামি আহিছে৷ 

মৎস চিকাৰ মাছ