/asomiyapratidin/media/media_files/2025/09/08/1-2025-09-08-22-21-11.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰৰ শ্বহীদ মনিৰাম দেৱান মহাবিদ্যালয়ৰ মহিলা অধ্যয়ন কোষৰ উদ্যোগত আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সহযোগত আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ওপজা দিনটো উদযাপন কৰা হয়।
বন্তি প্ৰজলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোৰ আঁত ধৰে মহিলা অধ্যয়ন কোষৰ সমন্বয়ক ড° বৰ্ণালী ভূঞাই। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিদ্যানন্দ বৰকাকতীয়ে আৰম্ভণিতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে বিষদ ভাৱে ব্যাখ্যা দাঙি ধৰে।
মহাবিদ্যালয়ৰ প্ৰশাসনিক উপাধক্ষ ৰাণা নেওঁগে ড° হাজৰিকাক এজন সংগীতজ্ঞ হিচাপে খুব ধুনীয়াকৈ উপস্থাপন কৰে। মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী ক্ৰমে সৌৰভ দত্ত, জুনুকা দত্ত, কাকুমনি তামুলী আদিয়ে পৰিবেশন কৰা ভূপেন্দ্ৰ সংগীতে পৰিবেশটো জীপাল কৰি তোলে।
এই অনুষ্ঠানৰ সমান্তৰালকৈ শিক্ষাতত্ত্ব বিভাগৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা বিশ্ব সাক্ষৰতা দিৱসৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে। অনুষ্ঠানটোৰ সমল ব্যক্তি মহাবিদ্যালয়ৰ শৈক্ষিক উপাধক্ষ স্মৰণ শইকীয়া দেৱে সাক্ষৰতা আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে বিস্তৃত ভাৱে ব্যখ্যা আগবঢ়াই।
এই অনুষ্ঠান টোৰ আঁত ধৰে শিক্ষা বিভাগৰ মুৰব্বী পিকু দলে। অনুষ্ঠানটোৰ শেষত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী, গ্ৰন্থাগাৰিক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলোৱে পৰিবেশন কৰা ভূপেন হাজৰিকাৰ বিখ্যাত ‘মানুহে মানুহৰ বাবে’ গীততোৰে আজিৰ এই দিৱসটিৰ সামৰণি মৰা হয়।