ৰথীন্দ্ৰ নাথ গোস্বামীলৈ ২০২১ চনৰ অসমীয়া শিশু সাহিতা বঁটা…

ৰথীন্দ্ৰ নাথ গোস্বামীলৈ ২০২১ চনৰ অসমীয়া শিশু সাহিতা বঁটা…

ডিজিটেল সংবাদ, নগাঁও: অসমীয়া শিশু সাহিত্যৰ জনপ্ৰিয় চৰিত্ৰ "চিচিং"ৰ স্ৰষ্টা আৰু শিশুৰ বাবে প্ৰথম ভ্ৰমণ কাহিনী "বিদেশী বন্ধুৰ দেশত" গ্ৰন্থৰ লেখক ৰথীন্দ্ৰ নাথ গোস্বামীলৈ ২০২১ চনৰ "অসমীয়া শিশু সাহিতা বঁটা" আগবঢ়োৱা হ'ব বুলি অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদকদ্বয় মনোৰঞ্জন বৰগোহাঁই আৰু ৰাকেশধিৰ মেধিয়েএক প্ৰেছ বিবৃত্তি যোগে জনাইছে। "চিচিং", "হ'বি", "পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযান", প্ৰথম অসমীয়া শিশু উপযোগী ভ্ৰমণ কাহিনী "বিদেশী বন্ধুৰ দেশত", "কিংকিনীৰ বিদ্ৰোহ", "বিজ্ঞানে আনিব জোৱাৰ", "অংক জংক পংক", ৰথীন মামাৰ অংকৰ মজা, "চলমান মহাদেশ গতিশীল পৃথিৱী" আদি বহুকেইখন মৌলিক গ্ৰন্থৰ লেখক ৰথীন্দ্ৰ নাথ গোস্বামীয়ে লেখক হিচাপে আত্ম প্ৰকাশ কৰিছিল শান্তনু তামূলীৰ সম্পাদিত জনপ্ৰিয় শিশু আলোচনী "মৌচাক"ত।

শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত অতি জনপ্ৰিয় ৰথীন্দ্ৰ নাথ গোস্বামীয়ে ক্ল'নিঙ পদ্ধতিৰে সৃষ্টি কৰা, মগজুত কম্পিউটাৰ চিপ স্থাপন কৰা, "চিচিং" নামৰ কঁঠালগুটীয়া নিগনিটোৱে এহেজাৰ টকীয়া নতুন টকা নোখোৱা আৰু আনকো নেখাবলৈ পৰামৰ্শ দিয়া আদি বিচিত্ৰ প্ৰসংগৰ লেখাবোৰক বুদ্ধিদীপ্ত, সাহসী আৰু পৰোপকাৰী কল্পজ্ঞান বুলিবও পাৰি। অনুবাদ গ্ৰন্থ বেলুনত পাঁচ সপ্তাহ, সমুদ্ৰিকা, জুৰাছিক পাৰ্ক, ভালেমান গল্প, কল্প-বিজ্ঞান কাহিনী আদিৰ জৰিয়তে শিশু সাহিত্যলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা লেখক গোস্বামী এগৰাকী ভূতত্ববিদ। তেখেতে সৃষ্ট শিশুসকলৰ অতি প্ৰিয় চৰিত্ৰ "চিচিং" নামটোৱে প্ৰতিটো শিশুক সপোনপুৰীলৈ লৈ যায়।

যোৱা তিনিটা দশকজুৰি শদিয়াৰ পৰা ধুবুৰীলৈ ভালেকেইটা প্ৰজন্মৰ অকণিয়ে এই কণমানি "চিচিং"ক লৈ অলেখ কাহিনী লিখি আহিছে। অসমীয়া শিশু সাহিত্যত "চিচিং" এক ব্যতিক্ৰম চৰিত্ৰ, এই চৰিত্ৰটোৱে ভালেমান শিশুক কলম তুলি ল'বলৈ উৎসাহিত কৰিছে; ফলত এইটো চৰিত্ৰটো লৈ শিশুসকলে ৰচনা কৰা কাহিনীৰে এখন জনপ্ৰিয় শিশু আলোচনী মৌচাকে এটা বিশেষ সংখ্যাও প্ৰকাশ কৰিছিল। দেশে-বিদেশে বহু আলোচনা সভাত আলোচক হিচাপে অংশ গ্ৰহন কৰা গোস্বামীদেৱে নেচনেল বুক ট্ৰাষ্টে আয়োজন কৰা শিশু সাহিত্যৰ আলোচনা সভাত সমল ব্যক্তি হিচাপেও অংশ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, ১৯৮৫ চনৰ ছাত্ৰকালতে অসম সাহিত্য সভাই আয়োজন কৰা 'অসম এছচিয়েচন, আমেৰিকা ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল। বিজ্ঞান চৰ্চাক জনপ্ৰিয় কৰাত অগ্ৰণী ভূমিকা লোৱা গোস্বামীদেৱে কৰ্মব্যস্ততাৰ মাজতে সাংবাদিকতা আৰু সম্পাদনাৰ কামো নিৰলসভাৱে কৰি গৈছে।

অসমীয়া সাহিত্যৰ এই সন্মানীয় বঁটাটো বৰ্ষটোৰ শেষত সংস্কৃতি নগৰী তেজপুৰত এক গাম্ভীৰ্যপূৰ্ণ সভাত প্ৰদান কৰা হ'ব বলি অকণিৰ সভাই জনাইছে। ইয়াৰ পূৰ্বে এই বঁটা ২০১৪ চনত দীলিপ কুমাৰ বৰুৱা, ২০১৫ চনত শশীন্দ্ৰ কুমাৰ অধিকাৰী, ২০১৬ চনত বীণা শৰ্মা, ২০১৭ চনত যুগললোচন দাস, ২০১৮ চনত নূপুৰ মোমাইদেউ, ২০১৯ চনত ৰঞ্জু হাজৰিকা, ২০২০ চনত দ্বিজেন নাথক প্ৰদান হৈছিল। উল্লেখযোগ্য যে, ইয়াৰ বাহিৰে অকণিৰ সাহিত্য সভাই প্ৰতিবছৰে এখন শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ লেখকলৈ মৃগনয়না শইকীয়া সোঁৱৰণী বঁটা ২০১৯ চনত "দোকমোকালিৰ বেলি" গ্ৰন্থৰ লেখিকা সুৰাংগনা হাজৰিকালৈ আগবঢ়াইছিল আৰু এই বছৰ "ৰিব্‌ৰিব্‌ মুনমীহঁতৰ শেষ নোহোৱা কাহিনী"ৰ বাবে লেখক মৃণাল কলিতালৈ আগবঢ়োৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in