হঠাৎ মঞ্চৰ পৰা বাগৰি পৰিল ‘ভাৰত কন্ঠ’ দেৱজিৎ সাহা…

হঠাৎ মঞ্চৰ পৰা বাগৰি পৰিল ‘ভাৰত কন্ঠ’ দেৱজিৎ সাহা…

author-image
asomiyapratidin
New Update
হঠাৎ মঞ্চৰ পৰা বাগৰি পৰিল ‘ভাৰত কন্ঠ’ দেৱজিৎ সাহা…

ডিজিটেল সংবাদ,মৰাসুতিঁৰ : মাজুলী জেংৰাইমুখ ৰ মৰাসুতিঁৰ পাৰত দুদিনীয়াকৈ অসম চৰকাৰৰ ছাত্র আৰু যুৱ কল্যান উপদেষ্টা বিভাগৰ উদ্যোগত আয়োজন কৰা সহোদৰ অনুষ্ঠানৰ সামৰনি পৰে। অসমৰ ৩৯ টাকৈ জাতি জনগোষ্ঠীৰ নৃত্য শিল্পী ৰ দলে অংশগ্ৰহণ কৰে। অসমৰ সংগীত জগতৰ কুৰি গৰাকীৰো অধিক জনপ্ৰিয় কন্ঠ শিল্পীয়ে অংশগ্ৰহণ কৰে এই অনুস্থানত।

Advertisment

২০০৫ চনত জি টিভিৰ ছা ৰে গা মা পা ৰ জৰিয়তে ভইচ অফ ইণ্ডিয়ান খিতাপ দখল কৰা অসমৰ সুসন্তান দেৱজিৎ সাহাকো গীত পৰিৱেশনৰ বাবে আমন্ত্ৰন জনাই আনিছিল। ভাৰত কন্ঠ ভইছ অৱ ইণ্ডিয়াৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা অসম সন্তান দেৱজিৎ ছাহাই গীত পৰিবেশন কৰি থাকোতে সংঘটিত হয় এক অঘটন।

কৃষ্ণমনি চুতীয়া ৰ পাছত জীৱনে মৰনে মই চিৰদিন অসমীয়া শীৰ্ষক অসমীয়া গীতেৰে আৰম্ভ কৰা অনুষ্ঠানত ইটোৰ পাছত সিতো জনপ্ৰিয় অসমীয়া গীতৰ লগতে হিন্দী গীত উপহাৰ দিয়ে দৰ্শকক। ওম শান্তি ওম শীৰ্ষক হিন্দী গীতটি গাই থাকোতেই দৰ্শকৰ ফালে আগুৱাই আহোতে মঞ্চৰ পৰা বাগৰি তলত পৰে শিল্পী গৰাকী। লগে লগে হুৱাদুৱা লাগে দৰ্শকৰ মাজত । ততাতৈয়াকৈ দুজনমানে গৈ দাঙি ধৰে শিল্পী গৰাকীক।

মাজুলীৰ জেংৰাইমুখত 'সহোদৰ,২০২০-২১ অনুষ্ঠানৰ সামৰণি অনুষ্ঠানৰ নিশা গীত পৰিৱেশনৰ সময়তে বাগৰি পৰে বিশিষ্ট শিল্পীগৰাকী। কিছু পৰিমানে আঠুত দুখ পাইছে শিল্পী গৰাকীয়ে।অসমৰ মাটি-পানীৰ প্ৰেমত মুগ্ধ শিল্পীগৰাকীয়ে পুনৰ মাজুলীলৈ অহাৰ ইচ্ছা প্ৰকাশ কৰিলে দৰ্শকৰ সন্মুখত।গীত পৰিৱেনৰ সময়ত মঞ্চৰ পৰা বাগৰি পৰা শিল্পী গৰাকী কথমপি গুৰুতৰ আঘাতৰ সন্মুখৰ পৰা ৰক্ষা পৰে।