
ডিজিটেল সংবাদ, শিমলুগুৰিঃ শুকুৰবাৰে পুৱাৰ ভাগত হোৱা এজাক বৰষুণৰ বাবে লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ অৰ্ন্তগত শিমলুগুৰি, ৰাজগড়, গণকদলনি আৰু ৰঙতি গাঁও পঞ্চায়তৰ বৃহৎ এলেকা বানৰ কৱলত পৰে৷ প্ৰাপ্ত তথ্য মতে, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ সীমায়েদি বৈ যোৱা চেঁচা নদীৰ বাঢ়নী পানীয়ে শুকুৰবাৰে পুৱ চেঁচা মাথাউৰিটোৰ পানীগাঁও আৰু হাবিগাঁৱৰ সমীপৰ বহু অংশ চিঙি পেলোৱাত অঞ্চলটোৰ বহুকেইখন গাঁৱৰ ৰাইজৰ খেতি পথাৰ পানীত ডুব হোৱাত খেতিয়কৰসকলক মাজত হাহাকাৰ পৰিবেশ বিৰাজ কৰিছে ৷
চেঁচা নদী, দ্ৰোপাং নদী, পিছলা বিভিন্ন উপনৈ, জান আদিৰ পানী ফেনে-ফুটোকাৰে বাঢ়ি অহাৰ ফলত বহু গাঁও বানৰ কৱলত পৰাৰ লগতে দিহিৰি নদীৰ বাঢ়নী পানীয়ে মাথাউৰিটো চিঙাত অঞ্চলটোত এক হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে ৷ অঞ্চলটোৰ প্ৰায় সমূহ পথ, বাসগৃহ,বিদ্যালয়,কৃষিভূমি, পুখুৰী বুৰ যায় ৷কৃষিক্ষেত্ৰ পানীত বুৰ গৈ থকাত কৃষক ৰাইজ চিন্তিত হৈ পৰিছে আৰু মৎস্যজীৱী লোক সকলৰ পুখুৰীৰ পৰা মাছ ওলাই যোৱাত লোকচানৰ সন্মুখীন হৈছে ৷
বহু খেতিয়কৰ ৰোৱতী মাটিত সম্পূৰ্ণৰুপে বালিয়ে পুতি পেলায়৷ পশুধনৰ আশ্ৰয়স্থলৰ বাবেও হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৷ একাংশ ৰাইজে কলগছৰ ভূৰ লৈ যাতায়াত অব্যাহত ৰাখিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছে ৷বৰষুণৰ ফলত বহু কেইটা পথ-উপপথত বোকা পানীৰে ভৰি পৰাত যাতায়াতৰ ক্ষেত্ৰটো স্থানীয় ৰাইজে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ইয়াৰ পৰা ৰাইজে প্ৰাণপণে উদ্ধাৰ হোৱাৰ যত্ন কৰিছে পানীৰ বাবে অঞ্চলটোৰ ৰাইজ অধিক শংকিত হৈ পৰিছে ৷ উল্লেখ্য যে, ঠিকাদাৰে উক্ত দিহিৰি নদীৰ মাথাউৰিটো কেৱল বালি দি নিৰ্মাণ কৰি ধন সৰলুকি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷