/asomiyapratidin/media/media_files/2025/03/01/KaXRDUSJ6tVtWdC1vTxd.jpg)
ডিজিটেল সংবাদ শিলচৰঃ ৰাজ্যত সৰ্বত্ৰে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানৰে অংশ হিচাপে শুকুৰবাৰে নিশা কাছাৰ আৰক্ষীয়েও বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে নিশা শিলচৰৰ শিলডুবি এলেকাত কাছাৰ আৰক্ষীয়ে অভিযান চলাই এখন বলেৰ পিক আপভানৰ পৰা নিষিদ্ধ হেৰইনখিনি জব্দ কৰে। সামগ্ৰী পৰিবাহী বাহনখনত ৩৫ টা চাবোনৰ বাকচত ভৰাই আনিছিল হেৰইনখিনি।
জব্দখিনি হেৰ’ইনখিনিৰ পৰিমাণ ৪১৫ গ্ৰাম। তাৰোপৰি আৰক্ষীয়ে অনুমান কৰা মতে নিষিদ্ধ বজাৰত ইয়াৰ মূল্য প্ৰায় ২.২ কোটি টকা।
এই হেৰইনখিনি সৰবৰাহ কৰা দুই সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰিছে। ধৃত দুই সৰবৰাহকাৰীৰ পৰা আক্ষীয়ে জব্দ কৰিছে নগদ ২ লাখ টকা আৰু তেওঁলোকে ব্যৱহাৰ কৰা এ এছ ১১ চি চি ৮৬৯৭ নম্বৰৰ এখন বাহনখন। আৰক্ষীয়ে জনোৱা মতে দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে চুবুৰীয়া ৰাজ্যৰ পৰা কাছাৰৰ মাজেৰে আন ৰাজ্যলৈ এই ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল।
Drugs worth ₹2.2 crore recovered by @cacharpolice
— Himanta Biswa Sarma (@himantabiswa) March 1, 2025
In a source based operation carried out at Silcoorie road, Sildubi, under jurisdiction of Silchar Police, a vehicle was intercepted leading to the recovery of
💊415 grams of heroin
💰2 lakh cash
2 people has been apprehended… pic.twitter.com/RUsbRnqbWZ