সহস্ৰাধিক জনজাতীয় লোকৰ প্ৰতিবাদত উত্তাল শিলচৰ

হাতত‌ বিভিন্ন বেনাৰ, পোষ্টাৰ লৈ প্ৰতিবাদী সমদলটোৱে ইণ্ডিয়া ক্লাব হৈ নৰছিং ময়দানত সমবেত হয় । উক্ত স্থানত প্ৰতিবাদকাৰী সকলে ৰাজ্যৰ ছয়টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিলচৰ:   ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াৰ‌ বিৰুদ্ধে এইবাৰ বৰাক উপত্যকাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে বিভিন্ন জনজাতীয় সংগঠনে। "জইন্ট ট্ৰাইবেল ফ'ৰাম অফ বৰাক ভেলি" নামৰ সংগঠনটোৰ উদ্যোগত শুকুৰবাৰে শিলচৰত এই বিশাল প্ৰতিবাদী সমদল আৰু বিক্ষোভৰ আয়োজন কৰা হয়।‌

WhatsApp Image 2025-12-05 at 5.20.46 PM

এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ডিমাচা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা,মিছিং  ছাত্ৰ সন্থা,বড়ো ছাত্ৰ সন্থা সহ ডিমাচা জনজাতিৰ কেইবাটাও সংগঠনৰ‌  হাজাৰ  হাজাৰ লোকে অংশগ্ৰহণ কৰে। বৰাক উপত্যকাৰ তিনিখন জিলাৰ পৰা অহা এই লোক সকলে প্ৰথমে শিলচৰৰ ডিমাচা সংস্কৃতি পৰিষদৰ কাৰ্যালয়ৰ সমীপৰ পি ডব্লিউ ডি - ইণ্ডিয়া ক্লাব সংযোগী পথত সমবেত হয়।

তাৰ পৰা এক বিশাল প্ৰতিবাদী সমদল উলিয়াই সংগঠন কেইটাই। হাতত‌ বিভিন্ন বেনাৰ, পোষ্টাৰ লৈ প্ৰতিবাদী সমদলটোৱে ইণ্ডিয়া ক্লাব হৈ নৰছিং ময়দানত সমবেত হয় । উক্ত স্থানত প্ৰতিবাদকাৰী সকলে ৰাজ্যৰ ছয়টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰে। 

WhatsApp Image 2025-12-05 at 5.20.19 PM

অসম চৰকাৰ মুৰ্দাবাদ, জনজাতী সকলক লৈ খেলা কৰা নচলিব, জনজাতিকৰণৰ প্ৰস্তাৱ বাতিল কৰক, জনজাতী ঐক্য জিন্দাবাদ আদি ধ্বনি দি পৰিবেশ উত্তাল কৰে প্ৰতিবাদকাৰী সকলে। ছয়টা জনগোষ্ঠীক নতুনকৈ জনজাতিকৰণৰ‌ মৰ্যদা দিলে অসমৰ জনজাতি লোক সকল চৰকাৰী বিভিন্ন সা সুবিধা লাভৰ পৰা বঞ্চিত হব বুলি  মন্তব্য কৰে সংগঠন কেইটাৰ নেতৃবৰ্গই।

বৰ্তমান  সাংবিধানিক ভাবে ৰাজ্যৰ জনজাতিৰ স্বীকৃতি লাভ প্ৰায় ৪৫ লাখ জনসংখ্যা আছে।‌ এতিয়া ছয় জনজাতিৰ প্ৰায় ডেৰ কোটি লোকক নতুনকৈ জনজাতিৰ‌ অন্তৰ্ভুক্ত কৰিলে বহু সমস্যাৰ সন্মুখীন হ'ব বৰ্তমানৰ জনজাতীয় লোক সকল।‌ নতুন প্ৰজন্মই চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠান সমুহত অধ্যয়ন কৰিবলৈ ভীষণ সমস্যাৰ সন্মুখীন হ'ব লাগিব।

WhatsApp Image 2025-12-05 at 5.21.10 PM

সেইদৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ প্ৰদত্ত বিভিন্ন চাকৰিৰ কোটা সহ অন্যান্য সা সুবিধাৰ‌ পৰাও বঞ্চিত হ'ব লাগিব জনজাতীয় ভৱিষ্যতৰ প্ৰজন্মই। সেয়ে চৰকাৰৰ এই প্ৰস্তাৱ বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় সংগঠন কেইটাই। বিক্ষোভৰ পিচত জিলা আয়ুক্তৰ ওচৰত এখন স্মাৰক প্ৰদান কৰিব বিচৰাত প্ৰশাসনৰ ফালৰ পৰা এগৰাকী দণ্ডাধীশক বিক্ষোভ স্থলীলৈ প্ৰেৰণ কৰা হয়। তালৈ আহি দণ্ডাধীশ গৰাকীয়ে সংগঠন কেইটাৰ দাবী সম্বলিত স্মাৰক পত্ৰ খন গ্ৰহণ কৰে।  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ বাতিলৰ দাবীত উপায়ুক্তৰ জৰিয়তে নেচনেল কমিচন ফৰ' ছিডিউল ট্ৰাইপছৰ উদ্দেশ্য স্মাৰক প্ৰদান কৰা হয়।‌

শিলচৰ