৩৬ কোটি টকাৰ নিচা জাতীয় দ্ৰব্যৰ সৈতে সৰবৰাহকাৰী আটক

নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে দুখন বাহনত তালাচী চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিছে। 

author-image
Asomiya Pratidin
New Update
নিচা জাতীয় টেবলেত সৰবৰাহকাৰী

ডিজিটেল সংবাদ শিলচৰঃ নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে দুখন বাহনত তালাচী চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিছে। 

Advertisment

আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযানৰ সময়ত তেওঁলোকে জব্দ কৰিছে  ১ লাখ ২০ হাজাৰ য়াবা টেবলেট। এই নিচা জাতীয় টেবলেতখিনি সৰবৰাহকাৰীয়ে এখন বাহনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল।

আৰক্ষীৰ দলটোৱে এই টেবলতখিনি মুঠ ১২ টা পেকেটত মেৰিয়াই অনাৰ অৱস্থাত উদ্ধাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে এই নিচা জাতীয় টেবলতখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩৬ কোটি টকা। 

নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত  আৰক্ষীয়ে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দুখন বাহনো জব্দ কৰিছে। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এক্সত সবিশেষ উল্লেখ কৰি আৰক্ষীক প্ৰশংসাও কৰিছে। 

কাছাৰ ড্ৰাগছ বিৰোধী অভিযান