/asomiyapratidin/media/media_files/2025/04/26/X513w681rhJkYlF6tIHH.jpg)
ডিজিটেল সংবাদ শিলচৰ: বি এছ এফৰ চকুত ধুলি দি ভাৰতলৈ অবৈধ বাংলাদেশীৰ অনুপ্ৰবেশ অব্যাহত আছে। এইদৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ছয় গৰাকী বাংলাদেশী নাগৰিকক আটক কৰে শ্ৰীভূমি আৰক্ষীয়ে।
শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী কেইজনৰ ভিতৰত এগৰাকী মহিলাও আছে। অবৈধভাৱে ভাৰতত প্ৰবেশ কৰা এই বাংলাদেশী নাগৰিক কেইজনক ক্ৰমে মহম্মদ মনিৰ, মহম্মদ অহিদুল শ্বেখ, আজিজুল শ্বেখ, ৰকিয়া বিবি, মহম্মদ আহাছান উল্লাহ আৰু মহম্মদ হাৰেছ বুলি চিনাক্ত কৰা হৈছে।
বাংলাদেশী কেইগৰাকীক আটক কৰি আৰক্ষীয়ে মাৰাথন জেৰা চলাইছে। কি কাৰণত অবৈধ ভাৱে বাংলাদেশী নাগৰিক কেইগৰাকীয়ে ভাৰতত প্ৰৱেশ কৰিছিল, সেয়া অৱশ্যে আৰক্ষীয়ে সদৰী কৰা নাই। পু্ংখানুপুংখ ভাবে জেৰা কৰাৰ পিছত বাংলাদেশী নাগৰিক কেইগৰাকীক বাংলাদেশ সীমান্তৰ সিপাৰলৈ ওভতাই পঠিওৱা হয়।
ইফালে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ধৃত বাংলাদেশী কেইগৰাকীৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰি তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা বুলি সদৰী কৰিছে। অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ সতৰ্কতা আৰু বিশেষ ভূমিকা লোৱা শ্ৰীভূমি আৰক্ষী প্ৰশাসনক ধন্যবাদ জনোৱাৰ লগতে অসম আৰক্ষীৰ এনে কৰ্মৰ শলাগ লোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
Assam stands firm! No infiltration will be tolerated🚫
— Himanta Biswa Sarma (@himantabiswa) April 25, 2025
In a decisive operation, @sribhumipolice apprehended six infiltrators attempting to cross the border illegally.
🇧🇩Md Monir
🇧🇩Md Ahidul Seikh
🇧🇩Azizul Seikh
🇧🇩Rokiya Bibi
🇧🇩Mh. Ahashan Ullah
🇧🇩Md Haresh
Acting with zero… pic.twitter.com/HCk5XE5enT