মণিপুৰৰ ম্যানমাৰ সীমান্তত ৬.৯ কোটি মূল্যৰ আফিং জব্দ

মণিপুৰৰ চাণ্ডেল জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৰ ছাজিক টাম্পাক এলেকাত অভিযান চলাই অসম ৰাইফলছ আৰু নাৰ্কোটিকছ কন্ত্ৰোল ব্যুৰু ই জব্দ কৰে আফিং খিনি।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিলচৰ: নিষিদ্ধ আফিঙৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাইফলছ আৰু মণিপুৰৰ নাৰ্কোটিক কন্ত্ৰোল ব্যুৰুয়ে বুজণ পৰিমাণৰ আফিং জব্দ কৰিছে। মণিপুৰৰ চাণ্ডেল জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৰ ছাজিক টাম্পাক এলেকাত অভিযান চলাই অসম ৰাইফলছ আৰু নাৰ্কোটিকছ কন্ত্ৰোল ব্যুৰু ই জব্দ কৰে আফিং খিনি।

ম্যানমাৰৰ পৰা চিণ্ডিকেটৰ জৰিয়তে সৰবৰাহৰ‌ সময়ত জব্দ কৰা আফিং খিনিৰ ওজন ১৩৮.৫ কিলোগ্ৰাম। অসম ৰাইফলছৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, এই আফিং খিনিৰ আন্তঃৰাষ্ট্ৰীয় ক'লা বজাৰত মূল্য প্ৰায় ৬.৯ কোটি টকা।‌ জব্দ কৰাৰ পিচত আফিং খিনি ইম্ফলৰ নাৰ্কোটিকছ কন্ত্ৰোল ব্যুৰুক গতাই দিয়া হয়।

ম্যানমাৰ