/asomiyapratidin/media/media_files/2025/04/21/brnSAjch3vI8c2wrth52.jpg)
ডিজিটেল সংবাদ শিলচৰ: বিজেপিৰ নলবাৰী জিলাৰ বাহজানী মণ্ডলৰ সভাপতি মিন্টু তামুলীক সভাপতি পদৰ পৰা আঁতৰাবলৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মণ্ডল কাৰ্যালয় উদ্বোধনৰ দিনাই নিৰ্দেশ দিয়াৰ পিছতো আজিলৈ মিন্টু তামুলীক অপসাৰণ কৰা নহ'ল। বৰং মিন্টু তামুলীৰ হৈ জিন্দাবাদ ধ্বনি দিয়াহে দেখা গ'ল বাহজানী বিজেপি কৰ্মীসকলৰ মাজত।
কিয় আজিলৈ মিন্টু তামুলীক অপসাৰণ কৰা নহ'ল এই সন্দৰ্ভত সোমবাৰে শিলচৰৰ দলীয় কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত প্ৰশ্ন কৰা হৈছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক। সাংবাদিকৰ এই বিষয়ৰ প্ৰশ্নত সভাপতি শইকীয়াই গা এৰা দিবলৈ বিচৰা পৰিলক্ষিত হয়।
সভাপতি শইকীয়াই এই প্ৰশ্নত ক’লে, বিষয়টো দলৰ ভিতৰতে সমাধান কৰা হ'ব। ইয়াত সংবাদ মাধ্যমৰ কোনো কামেই নাই। দলৰ ভিতৰতে বিষয়টো নিষ্পত্তি কৰা হ’ব। দলৰ নীতি, নিয়ম, শৃংখলা সকলোৱে মানি চলিছে আৰু ভবিষ্যতেও মানি চলিব বুলি কৈ মিন্টু তামুলীৰ বিষয়টো এৰা দিয়ে দিলীপ শইকীয়াই।
উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণ সূচীৰে বৰাক উপত্যকাত পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সোমবাৰে শিলচৰৰ বিজেপি কাৰ্যালয়ত এক সংবাদ মেলত অংশগ্ৰহণ কৰিছিল। সংবাদ মেলত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে দিলীপ শইকীয়াই।
কংগ্ৰেছৰ দিনত পঞ্চায়ত ৰাজৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত কৰি আঁচনিৰ ধন লুটি-পুতি খাইছিল বুলি অভিযোগ দিলীপ শইকীয়াৰ। কিন্তু বিজেপি ক্ষমতালৈ অহাৰ পিচত পঞ্চায়তী ৰাজ ব্যৱস্থাক দুৰ্নীতি মুক্ত কৰি কেন্দ্ৰ -ৰাজ্য চৰকাৰৰ সকলো আঁচনি ৰূপায়ন কৰিবলৈ সক্ষম হৈছে। বৰাকৰ তিনিওখন জিলা পৰিষদে বিজেপিয়ে জয় লাভ কৰিব বুলিও দাবী কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।
প্ৰতিটো বিধানসভা আৰু লোক সভা নিৰ্বাচনৰ দৰে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনকো গুৰুত্বসহকাৰে লোৱা বুলি মন্তব্য কৰে দিলীপ শইকীয়াই। বিজেপিৰ বাবে প্ৰতিটো নিৰ্বাচনেই ফাইনেল বুলিও মন্তব্য শইকীয়াৰ।
ইফালে কংগ্ৰেছক আক্ৰমণৰ লক্ষ কৰি দিলীপ শইকীয়াই কয় যে, কংগ্ৰেছৰ হাতত এতিয়া কোনো ইছ্যু নাই। মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ আৰু সমাজত অশান্তিৰ পৰিবেশ সৃষ্টি কৰিবলৈ এতিয়া ৱাকঅফ আইনৰ ইচ্ছ্যুকে হাঠিয়াৰ হিচাপে বাচি লৈছে বুলি অভিযোগ দিলীপ শইকীয়াৰ।
Had a heartfelt and energising interaction with our karyakartas at the @bjp4CacharDist office today.
— Dilip Saikia (@DilipSaikia4Bjp) April 21, 2025
Their warmth, enthusiasm, and commitment to the party’s vision truly moved me. Moments like these remind me of the strength of our organisation at the grassroots.
We spoke about… pic.twitter.com/aBXLbQ5E0V