/asomiyapratidin/media/media_files/2025/08/11/1-2025-08-11-13-33-54.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ নিৰাপদ কৰিড'ৰত পৰিণত হৈছে কাছাৰ জিলা। চুবুৰীয়া ৰাজ্য মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ পৰা প্ৰায় প্ৰতিদিনেই কোটি কোটি টকাৰ নিষিদ্ধ সামগ্ৰী কাছাৰৰ মাজেৰে বহিঃ ৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলাই আহিছে বহিঃ ৰাজ্যৰ ড্ৰাগছ ব্যৱসায়ী সকলে।
ইফালে, এই নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই কাছাৰ আৰক্ষীয়ে প্ৰতিদিনেই সাফল্য লাভ কৰিছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমাল মাহাত্তাৰ নেতৃত্বত জিলাখনত কঠোৰ কৰা হৈছে ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানৰ অংশ হিচাপে দেওবাৰে গাঞ্জাৰ বিৰুদ্ধে শিলচৰ ট্ৰাংক ৰোডত অভিযান চলাই আৰক্ষীয়ে প্ৰায় ৩৬২ কেজি গাঞ্জা জব্দ কৰে।
ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখী AS11CD-6925 নম্বৰৰ ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে ৬১টা গাঞ্জাৰ পেকেট উদ্ধাৰ কৰে। ট্ৰাক খনৰ গোপন চেম্বাৰ লুকুৱাই গাঞ্জা খিনি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ আগৰতলাৰ পৰা সৰবৰাহ কৰা হৈছিল। আৰক্ষীয়ে পেকেট কেইটাৰ পৰা জব্দ কৰা গাঞ্জাৰ ওজন ৩৬২ কেজি বুলি সদৰী কৰিছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমাল মাহাত্তাই।
জব্দ কৰা গাঞ্জা খিনিৰ ক'লা বজাৰত মূল্য প্ৰায় ২.৫ কোটি টকা। গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক জনৰ নাম প্ৰদীপ কৰ। তেওঁৰ ঘৰ ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা জিলাৰ বিশালগড় থানা এলেকাৰ ব্ৰজপুৰত।
আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে,এই বৃহৎ পৰিমাণৰ গাঞ্জা খিনি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ আগৰতালাৰ পৰা অবৈধভাৱে পৰিবহণ কৰা হৈছিল। ইফালে,মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ মুক্ত অসম গঢ়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপেই কাছাৰত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান তীব্ৰতৰ কৰা হৈছে বুলি সদৰী কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে।
চুবুৰীয়া ৰাজ্য সমূহৰ পৰা কাছাৰৰ মাজেৰে সৰবৰাহৰ চেষ্টা কৰা সামান্য ড্ৰাগছ অথবা নিচাজাতীয় সামগ্ৰীক ৰেহাই দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে আৰক্ষী বিষয়া জনে।