শিলচৰত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক

আছাম কাউন্সিল অফ মেডিকেল ৰেজিষ্ট্ৰেচন ল এজেহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই শিলচৰ ঘু্ংগুৰ এলেকাৰ পৰা পংকজ চৌধুৰী আৰু কালাইনৰ পৰা সুভীৰ চৌধুৰী নামৰ দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে।‌

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিলচৰ: ভুৱা চিকিৎসকৰ‌ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে কাছাৰ আৰক্ষীয়ে। সোমবাৰে নিশা আৰু মঙলবাৰে দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বিগত কিছুদিনৰ ভিতৰত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল সহ শিলচৰৰ চাৰিজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে।

আছাম কাউন্সিল অফ মেডিকেল ৰেজিষ্ট্ৰেচন ল এজেহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই শিলচৰ ঘু্ংগুৰ এলেকাৰ পৰা পংকজ চৌধুৰী আৰু কালাইনৰ পৰা সুভীৰ চৌধুৰী নামৰ দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে।‌

পংকজ চৌধুৰীয়ে কাজাখাস্তানৰ এখন মেডিকেল কলেজৰ পৰা এম বি‌ বি এছ ৰ ভুৱা ডিগ্ৰী লৈ দীৰ্ঘদিন ধৰি শিলচৰত চিকিৎসা প্ৰদান কৰি আহিছিল। তেওঁ নিজকে এগৰাকী গেষ্ট্ৰো এন্ট্ৰল'জিষ্ট আৰু ডাইবেট'ল'জিষ্ট বিশেষজ্ঞ হিচাপে পৰিচয় চিকিৎসা প্ৰদান কৰি আহিছিল বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।

উত্তৰ প্ৰদেশৰ গোন্দাৰ একে নামৰ এজন প্ৰকৃত চিকিৎসকৰ ৰেজিষ্ট্ৰেচন নম্বৰ ব্যৱহাৰ কৰি শিলচৰত চিকিৎসা প্ৰদান কৰি আহিছিল ভুৱা চিকিৎসক পংকজ চৌধুৰীয়ে।তেওঁৰ পৰা জব্দ কৰা তিনিখন পান কাৰ্ড, এম বি বি এছ ৰ ডিগ্ৰী আৰু আধাৰ কাৰ্ড সকলো ভুৱা বুলি উল্লেখ কৰিছে আৰক্ষী অধীক্ষক গৰাকীয়ে।

শিলচৰ