/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/SILCHAR-JOURNALIST-DIED-LEFT-EVERYONE-CRY.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ দেওবাৰে নিশা ডাম্পাৰৰ খুন্দাত অকালতে মৃত্যু হোৱা শিলচৰৰ সাংবাদিক মলিন শৰ্মাক অশ্ৰু নয়নেৰে বিদায় দিলে শিলচৰৰ সহস্ৰ গুণমুগ্ধই৷ অমায়িক আৰু সদা হাস্যবদনে থকা বিটিএনৰ চিত্ৰ সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ বহুলোকৰ উপস্হিতিত শিলচৰ শ্মশানঘাটত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ দেওবাৰে নিশা ১১ বজাত কৰ্তব্য সমাপন কৰি সাংবাদিক মলিন শৰ্মাই তাৰাপুৰৰ নিজ গৃহলৈ স্কুটীৰে গৈ থকা অৱস্হাত পিচফালৰ পৰা অহা এখন ডাম্পাৰে প্ৰচণ্ড খুন্দা মাৰে আৰু থিতাতে নিহত হয় সাংবাদিক জন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/d26d9c0f-324c-4442-ada0-1e66e34b31e6.jpg)
সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ পিচত সাংবাদিক জনৰ মৃতদেহ শোভাযাত্ৰা কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা বিটিএনৰ কাৰ্যলয়লৈ অনা হয়৷ তাতে বিটিএন-প্ৰান্তজ্যোতি কাকত গোষ্ঠীয়ে মলিনৰ মৃতদেহত পুস্পাঞ্জলি দি তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়৷ তাৰ পিচত সাংবাদিক জনৰ মৃতদেহ গান্ধীপাৰ্কলৈ নিয়া হয়৷ তাতো বিভিন্ন দল-সংগঠনৰ লগতে কেবা শ গুণমুগ্ধই সাংবাদিক জনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/10b280d1-e913-4b79-b849-d844579170f6.jpg)
গান্ধীপাৰ্কৰ পৰা মৃতদেহ শ্মশানঘাটলৈ নিয়া হয়৷ শ্মশানঘাটত সাংবাদিকজনৰ মুখাগ্নি কৰে মলিনৰ একমাত্ৰ সন্তান মীনাক্ষী শৰ্মাই৷ ইফালে ৪৩ বছৰীয়া সাংবাদিক জনৰ অকাল মৃত্যুৰ বাবে দায়ী কৰা হয় জিলা প্ৰশাসন আৰু আৰু প্ৰশাসনক৷ প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবেই শিলচৰ চহৰত ডাম্পাৰ সমূহে তীব্ৰ গতিত চলাচল কৰি পথচাৰী আৰু দুচকীয়া বাহন সমূহৰ পথ দখল কৰে বুলি অভিযোগ শোকাহত জনতাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/a61beaa9-7f22-4a1e-b510-071b885dc03c.jpg)
ঘাটক ডাম্পাৰ আৰু চালক জনৰ এতিয়ালৈ কোনো সন্ধান উলিয়াব নোৱাৰাত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে এই সকল লোকে৷ নিহত সাংবাদিকজনৰ পৰিয়ালক দহ লাখ টকাৰ ক্ষতিপুৰণ দিয়াৰ লগতে সাংবাদিক জনৰ পত্নীক এটা চৰকাৰী চাকৰি দিবলৈ প্ৰশাসন আৰু মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় শিলচৰ বাসীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/25d45240-e3f2-48b1-b1e1-6eed1c3cbfbd.jpg)