চিলাপথাৰত ছয়মাহিলী পৰীক্ষা দিবলৈ আহিল শিক্ষাৰ্থী, কিন্তু নাহিল শিক্ষক!

চিলাপথাৰত ছয়মাহিলী পৰীক্ষা দিবলৈ আহিল শিক্ষাৰ্থী, কিন্তু নাহিল শিক্ষক!
Published on
Updated on

ডিজিটেল সংবাদ, চিলাপথাৰঃ কেনেদৰে চলিছে মন্ত্ৰী ৰণোজ পেগুৰ শিক্ষা বিভাগ । চৰকাৰে শিক্ষা সংস্কাৰৰ নামত প্ৰণয়ন কৰিছে ইখনৰ পিছত সিখন আইন । বলবৎ কৰিছে ইটোৰ পিছত সিটো নীতি । কিন্তু প্ৰকৃততে শিক্ষাৰ নামত ভিতৰুৱা অঞ্চলৰ বিদ্যালয়সমূহত চলি আছে কি ? এইখন চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ এক অতি ভিতৰুৱা অঞ্চলত অৱস্থিত মেচাকী টঙানী প্ৰাথমিক বিদ্যালয় ।

১৯৪৬ চনতেই স্থাপন কৰা এই বিদ্যালয়খনে অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰি আহিছে । বৰ্তমান বিদ্যালয়খনত চৰকাৰীভাৱে নিযুক্ত হৈ আছে চাৰিজনকৈ শিক্ষক । কিন্তু বিদ্যালয়লৈ নিয়মীয়াকৈ নাহে এজনো শিক্ষক । বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিনোদ পেগু বিদ্যালয়লৈ কেতিয়াবাহে আহে । বাকী তিনিজন শিক্ষকৰো অৱস্থা একেই ।

বৰ্তমান বিদ্যালয়সমূহত চলি আছে ছমহীয়া পৰীক্ষা । শিক্ষা বিভাগে দিয়া ৰুটিন অনুসৰি পুৱতেই পৰীক্ষা দিবলৈ বিদ্যালয়ত উপস্হিত হ'লগৈ কণ কণ ছাত্ৰ ছাত্ৰী । কিন্তু এঘাৰ বজালৈকে বিদ্যালয়ত উপস্থিত নহ'ল এজনো শিক্ষক । বিদ্যালয়ত উপস্থিত হ'লগৈ খণ্ড সমল শিক্ষক, বিদ্যালয়ৰ পৰিদৰ্শক, শিশুৰ স্বাস্থ্য পৰীক্ষাৰ বাৱে যোৱা স্বাস্থ্য কর্মীৰ দল ।

কিন্তু উপস্থিত নহ'ল এজনো শিক্ষক । কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱনক লৈ এইদৰে হেতালি খেলা শিক্ষকৰ বিৰুদ্ধে তৎকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগৰ ওচৰত সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনালে ক্ষুব্ধ ৰাইজে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in