ডিজিটেল সংবাদ, চিৰাং: ৩১নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰাজনৈতিক দলৰ নিজ নিজ প্ৰাৰ্থী সকলক বিজয়ী কৰিবলৈ এজনৰ পিছত এজন ৰথী মহাৰথীৰ আগমন ঘটিছে চিদলী সমষ্টিত। এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ চিদলী সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পিছত বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ হৈ এটাৰ পিছত এটা নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
আনপিনে বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ দলীয় প্ৰাৰ্থী শুদ্ধ বসুমতাৰীৰ হৈ মাৰাথন প্ৰচাৰত নামি পৰিছে। তাৰ মাজতেই আজি চিদলী সমষ্টিৰ অন্তৰ্গত বাসুগাঁও চহৰৰ ৰাজাচাৰাং ধৰ্মীয় পথাৰত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
চিদলী সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাই সোণোৱালে ভাষনৰ আৰম্ভনিতে কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনগণক আস্থা আৰু বিশ্বাসতলৈ ভাৰতবৰ্ষক এখন সমৃদ্ধিশালী দেশ হিচাপে গঢ় দিয়াৰ কাম কৰি আছে । অকল সেয়াই নহয় বিশ্বৰ দৰবাৰত ভাৰতবৰ্ষক এখন শক্তিশালী দেশ আৰু নিজকে বিশ্বৰ এগৰাকী অন্যতম নেতা হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে । নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমখনক এখন উন্নত ৰাজ্য হিচাপে গঢ় দিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰাটো আমি সকলোৱেই অৱগত বুলি উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰৰ জল, বন্দৰ আদি বিভাগৰ মন্ত্ৰী সৰ্বাধিক সোণোৱালে ৷
ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে, বিগত ২০১৪ চনৰ পৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ জনগণক আস্থা আৰু বিশ্বাসতলৈ দেশৰ সুশাসন ব্যৱস্থা সুদৃঢ় কৰি এখন শক্তিশালী ৰাষ্ট্ৰ ৰূপে গঢ়ি তুলিবলৈ কাম কৰি আহিছে ৷ বিগত দীৰ্ঘ বছৰে কংগ্ৰেছ দলে সুশাসন ব্যৱস্থা গঢ়ি তুলিবলৈ সক্ষম হোৱা নাছিল ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্ঠাতে অশান্তময় বিটিচিত শান্তি নামি আহিছে ৷ এতিয়া প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচিত শান্তি নামি অহাত উন্নয়ন আৰু প্ৰগতি বিৰাজ কৰিছে ৷ সেয়েহে তেওঁ বিটিচিৰ চিদলী বিধানসভা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত মিত্ৰজোটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ৷
কেন্দ্ৰীয় মন্ত্ৰী জনে কয় অসমৰ উপ নিৰ্বাচনত ৫ টা সমষ্টীয়ে এনডিএৰ দখলত যাব। বিটিআৰত শান্তি স্থাপনেৰে উন্নয়ণৰ পথত আগবাঢ়িছে। সমন্বয় স্থাপনেৰে এনডিএই অগ্ৰগতি লাভ কৰিছে । আজিৰ নিৰ্বাচনী প্ৰচাৰত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই কয় আমি বিটিআৰত শান্তি স্থাপন কৰি উন্নয়ণৰ কামত আগবাঢ়ি আছো । হাগ্ৰামাই মোক আৰু মোৰ পৰিয়ালক সমালোচনা কৰাত ব্যস্ত।
হাগ্ৰামা মহিলাৰীয়ে কালিৰ দিনটোত প্ৰমোদ বড়োক গাখীৰ নিদিয়া গৰুৰ সৈতে তুলনা কৰা সন্দৰ্ভত প্ৰমোদ বড়োই কয় মুখ্যমন্ত্ৰীৰ ভাষণক হাগ্ৰামা মহিলাৰীয়ে ভুল ভাবে ব্যাখ্যা কৰিছে। মই তেওঁৰ নিচিনা পাতলীয়া মন্তব্য নকৰো আৰু কৰি ভাল নেপাও। হাগ্ৰামাৰ মুৰত চুলি নাই সেয়া মই কেতিয়াও কৈছো নেকি ? কেতিয়াও কোৱা নাই। হাগ্ৰামা মহিলাৰীৰ ওচৰত এতিয়া কোনো ইচ্যু নাই তাৰ বাবে সংবাদ মাধ্যমত চৰ্চাত থাকিবলৈ আবোল তাবোল বকি থাকে বুলি মন্তব্য মন্তব্য কৰে । কংগ্ৰেছ দলে বিটিআৰত প্ৰত্যাহ্বান কৰিবলৈ আৰু ২০-২৫ বছৰ লাগিব বুলিও কয় প্ৰমোদ বড়োয়ে।
সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই বিটিচিত কৰি থকা ৰাইজৰ অভিলাষী আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে বাসুগাঁও অঞ্চলৰ সমস্যা সমূহ পৰ্যায়ক্ৰমে সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি মত ব্যক্ত কৰে ৷ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰে ৷ চিদলী সমষ্টিত মিত্ৰজোঁট সমৰ্থিত ইউপিপিএল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে বাহৰ পাতি থকা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে কয়, বিটিআৰত মিত্ৰতা আছে আৰু মিত্ৰতাৰেই আমি বহুত ভোটৰ ব্যৱধানত আমাৰ প্ৰাৰ্থী জয়ী হব বুলি দাবী কৰে ।
মন্ত্ৰী যোগেন মোহনে কয় যে কংগ্ৰেছ দলে চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাৰ্থী নিক্ষেপ কৰি ৰাইজক ভাত খুৱাই ৰাজনীতি কৰি আছে । চিদলী সমষ্টিত কংগ্ৰেছ দলৰ কোনো গণভিত্তি নাই বুলি উল্লেখ কৰে । আজি পাঁচ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা বাসুগাঁৱৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, কেবিনেট মন্ত্ৰী অশোক সিংহল, যোগেন মোহন, উৰ্খাও গৌৰা ব্ৰহ্ম, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, সাংসদ জয়ন্ত বসুমতাৰী, বিধায়ক অজয় কুমাৰ ৰায় আৰু এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম সহ এনডিএ মিত্ৰজোঁটৰ বহু নেতা কৰ্মী উপস্থিত থাকে ।