ডিজিটেল সংবাদ, চিৰাংঃ ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষনা কৰাৰ পিছতেই ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমূহৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে । চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কোন ৰাজনৈতিক দলৰ কোন প্ৰাৰ্থী হব তাকে লৈ ঘনে ঘনে সলনি হৈছে দৃশ্যপট।
ইপিনে ইউপিপিএল দলৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সমস্যা দুৰ কৰিবলৈ দলৰ নেতৃত্বই চাণক্য নীতি অৱলম্বন কৰা পৰিলক্ষিত হৈছে । সমাগত উপ-নিৰ্বাচনত ইউপিপিএল দলৰ টিকট কোনে লাভ কৰিব এই চৰ্চা চলি থকাৰ সময়তে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিপিএফ দল এৰি ইউপিপিএল দলত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ নাম উচ্চাৰিত হৈ আছিল।
কিন্তু কালিৰ দিনটোত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োই প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক বিটিচিৰ নীতি উপদেষ্টা হিচাপে নিয়োগ কৰি যেন একপ্ৰকাৰ প্ৰাৰ্থীত্ব তালিকাৰ চন্দন ব্ৰহ্মৰ নাম কৰ্তন কৰিলে বুলি ৰাজনৈতিক মহলত আলোচিত হৈছে । এই মুহূৰ্তত ইউপিপিএল দলৰ প্ৰাৰ্থী হিচাপে চিৰাং জিলাৰ সভাপতি তথা প্ৰাক্তন পাৰিষদ নিৰ্মল কুমাৰ ব্ৰহ্মৰ নাম প্ৰায় নিশ্চিত বুলি কোৱা হৈছে ।
আনপিনে আশ্চৰ্য্যজনক ভাবে ইমান দিনে ইউপিপিএল দলৰ হৈ ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ইউপিপিএল দলৰ হৈ টিকট বিচৰা তিনিজনৰ ভিতৰত অন্যতম দাবীদাৰ বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ অএচডি তথা অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ছাংগ্ৰাং ব্ৰহ্ম ইউপিপিএল দল এৰি বিপিএফ দলত যোগদান কৰি বিপিএফ দলৰ টিকটত নিৰ্বাচনী অৱতীৰ্ণ হোৱাৰ কথা পোহৰলৈ আহিছে ।
চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিপিএফ দলৰ হৈ দলৰ উপসভাপতি শুদ্ধ বসুমতাৰীৰ নাম চৰ্চিত হৈ আছিলে । কিন্তু প্ৰাপ্ত খবৰ অনুসৰি অজ্ঞাত কাৰণত বিপিএফ দলৰ শীৰ্ষ পৰ্য্যায়ৰ নেতাৰ হেচাঁত শুদ্ধ বসুমতাৰী নিজকে প্ৰাৰ্থী তালিকাৰ পৰা নিজকে আতঁৰাই আনিছে । আনপিনে চিদলী সমষ্টিত কংগ্ৰেছ দলৰ পৰা তিনিজনে টিকটৰ বাবে দাবী কৰিছে ।
তাৰে ভিতৰত জিলা কংগ্ৰেছৰ সভাপতি সঞ্জীৱ ওৱাৰী, কংগ্ৰেছ নেতা অমিয় নাৰ্জাৰী আৰু দেৱজিত বসুমতাৰীৰ নাম চুৰান্ত তালিকাত স্থান লাভ কৰিছে । কালিৰ দিনটোত হয়তো ৰাজনৈতিক দলৰ সভাপতি সকলে চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী সকলৰ নাম ঘোষনা কৰিব পাৰে বুলি আলোচিত হৈছে ।