/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/jonmoni-12.jpg)
ডিজিটেল ডেস্কঃ 'লেডি ডাবাং' হিচাপে পৰিচিতি লাভ কৰা এছ আই জোনমণি ৰাভা বিতৰ্কৰ শীৰ্ষত উপনীত হৈছে। জোনমণিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগৰ আঙুলি উত্থাপন হোৱাৰ পিছতে ৰাজ্য জুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। এনে প্ৰতিক্ৰিয়াৰ মাজতে নগাঁৱৰ পৰা কলিয়াবৰলৈ তাৎক্ষণিকভাৱে বদলি কৰা হৈছে জোনমণি ৰাভাক।
উল্লেখ্য যে যোৱা ৪ মে'ত নগাঁও আৰক্ষীয়ে প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মাজুলীৰ যুৱক ৰাণা প'গাগক। এই ৰাণা প'গাগৰ সৈতে আছিল এছ আই জোনমণি ৰাভাৰ সম্পৰ্ক। দুয়োৰে বিয়া হোৱাৰ কথা আছিল। ৰাণা প'গাগে নিজকে অইলৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া বুলি পৰৰৱৰ্তী সময়ত জোনমণিয়ে ভাৱি স্বামী ৰাণাক জে'ললৈ প্ৰেৰণ কৰিছিল।
ৰাণাৰ বিৰুদ্ধে উত্থাপিত হৈ আছিল বহুতকে প্ৰৱঞ্চনা কৰাৰ অভিযোগ। ইয়াৰ মাজতে ৰাণা জ'ললৈ যোৱাৰ পিছত এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে উত্থাপিত হৈছে প্ৰৱঞ্চনাৰ গোচৰ। প্ৰৱঞ্চনাৰ বলি হোৱা মাজুলীৰ অৱতাৰ শৰ্মা আৰু অজিত বৰা নামৰ দুগৰাকী ঠিকাদাৰে জোনমণিৰ বিৰুদ্ধে উত্থাপন কৰিছে প্ৰৱঞ্চনাৰ গোচৰ। জোনমণি আৰু প্ৰৱঞ্চিত ঠিকাদাৰৰ মাজত মোবাইলত হোৱা ধনৰ লেনদেনৰ এক কল ৰেকৰ্ডিঙো ভাইৰেল হৈ পৰিছিল।
ইয়াৰ পিছতে নগাঁৱৰ আৰক্ষী অধিক্ষক লীনা দলেয়ে বুধবাৰে সাংবাদিকৰ আগত মন্তব্য কৰে যে, "প্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আমি সাঁজু। আৰক্ষী বিষয়া হ'ল বুলিয়ে কাকো ৰেহাই দিয়া ন'হব। কিন্তু বৰ্তমানলৈকে আমি কোনো অভিযোগ পোৱা নাই আৰু অডিঅ' ৰেকৰ্ডিঙক প্ৰমাণ হিচাপে আদালতে গণ্য নকৰে। তথাপিও মাজুলী আৰক্ষীক আমি পূৰ্ণ ৰূপত সহযোগ কৰিম।"
ইফালে জোনণি ৰাভাৰ একাউণ্টৰ মাধ্যমেৰে ধনৰ লেনদেন হোৱাৰ তথ্য প্ৰকাশ পাইছে। জোনমণিৰ একাউণ্টত প্ৰদান কৰিছিল বহু ধন। জোনমণিয়ে ভাৱি স্বামী ৰাণা প'গাগৰ লগ লাগি প্ৰায় কোটিৰ ঘৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এনে অভিযোগ, বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে তাৎক্ষণিকভাৱে নগাঁৱৰ পৰা বদলি কৰা জোনমণি ৰাভাই কলিয়াবৰত যোগদান কৰিছে।