‘সাহিত্য সন্ধান’ প্ৰতিযোগিতাৰ প্ৰথম মাহৰ নিৰ্বাচিত ৩ গল্প আজিৰ ‘সম্ভাৰ’ত

‘সাহিত্য সন্ধান’ প্ৰতিযোগিতাৰ প্ৰথম মাহৰ নিৰ্বাচিত ৩ গল্প আজিৰ ‘সম্ভাৰ’ত
Published on
Updated on

ডিজিটেল ডেস্কঃ 'অসমীয়া প্ৰতিদিন' ডিজিটেল সংস্কৰণে আয়োজন কৰিছিল 'সাহিত্য সন্ধান' শীৰ্ষক এক চুটি গল্প প্ৰতিযোগিতা। সেই প্ৰতিযোগিতাত প্ৰথম মাহতে দুই শতাধিক গল্পকাৰে চুটি গল্প প্ৰেৰণ কৰিছিল। সেই চুটি গল্পসমূহৰ মাজৰ পৰা প্ৰতিযোগিতাৰ নিয়ম অনুসৰি ১৫ ছেপ্টেম্বৰত (শনিবাৰে) প্ৰথমটো সপ্তাহৰ প্ৰথম চুটি গল্প 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশ পাইছিল। 'ডাষ্টবিনৰ লখিমী' শীৰ্ষক এই চুটি গল্পটোৰ গল্পকাৰ আছিল গোলাঘাটৰ অনুৰাগ শইকীয়া। পৰৱৰ্তী সময়ত ১৬ ছেপ্টেম্বৰত যোৰহাটৰ কাশ্যপ বৰুৱাৰ 'ভোক' গল্পটো এই প্ৰতিযোগিতাৰ বাবে প্ৰথমটো সপ্তাহৰ দ্বিতীয় চুটি গল্প হিচাপে নিৰ্বাচিত হৈছিল।

পৰ্যায়ক্ৰমে দ্বিতীয় সপ্তাহত নিৰ্বাচিত হোৱা গল্প দুটা আছিল যোৰহাটৰ ডাঃ গিৰিন বৰাৰ 'সমীৰণ বৰুৱা আহি আছে' আৰু কটন বিশ্ববিদ্যালয়ৰ নয়নী নাথ ভাগৱতীৰ 'চিনাকি অচিনাকি অবয়ৱ'। তৃতীয় সপ্তাহৰ বাবে এই প্ৰতিযোগিতাত নিৰ্বাচিত চুটি গল্প দুটা ক্ৰমে- অভয়াপুৰীৰ নমিতা ৰয়ৰ 'আশাৰ অপমৃত্যু' আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ জিণ্টুমণি বৰ্মনৰ 'ৰং'। চতুৰ্থ সপ্তাহত এই প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত চুটি গল্প দুটা আছিল নগাঁৱৰ নিৰুজা বৰাৰ 'বৈষম্য' আৰু দিল্লীৰ পৰা শোণিত কুমাৰ গোস্বামীয়ে প্ৰেৰণ কৰা চুটি গল্প 'সময় তেতিয়া ৭ বাজিছিল'।

প্ৰতিযোগিতাৰ নিয়ম অনুসৰি এই ৮টা চুটি গল্পৰ মাজৰ পৰা প্ৰথম, দ্বিতীয় আৰু তৃতীয় চুটি গল্প প্ৰথমটো মাহৰ বাবে নিৰ্বাচন কৰা হৈছে। তিনিজনীয়া ৰাজ্যিৰ বিশিষ্ট সাহিত্যিক তথা গল্পকাৰেৰে গঠিত এখন বিশেষ জুৰিয়ে নিৰ্বাচন কৰিছে স্থানপ্ৰাপ্ত চুটি গল্প কেইটা। এই গল্প কেইটা 'অসমীয়া প্ৰতিদিন'ৰ সম্ভাৰত প্ৰকাশ হ'ব। প্ৰথম মাহৰ শ্ৰেষ্ঠ চুটি গল্প কেইটা ২৮ অক্টোবৰ, ২০১৮ অৰ্থাৎ আজি প্ৰকাশ পোৱা 'দেওবৰীয়া সম্ভাৰ'ত প্ৰকাশৰ দিহা কৰা হৈছে। পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰসকলক মানপত্ৰ আৰু উপহাৰ প্ৰদান কৰা হ'ব। সেই বিষয়ে সবিশেষ গল্পকাৰসকলক পৰৱৰ্তী সময়ত জনোৱাৰ ব্যৱস্থা কৰা হৈছে।প্ৰতিমাহে পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলক 'অসমীয়া প্ৰতিদিন'ৰ মূখ্য কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত প্ৰদান কৰা হ'ব বঁটা।

এই চুটি গল্প প্ৰতিযোগিতাৰ ধাৰাবাহিকতা অব্যাহত থাকিব। অৰ্থাৎ প্ৰতি সপ্তাহত পুনৰ দুটাকৈ চুটি গল্প 'সাহিত্য সন্ধান' শীৰ্ষক এই প্ৰতিযোগিতাৰ জৰিয়তে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত শনিবাৰে আৰু দেওবাৰে প্ৰকাশ পাব। এবছৰ ধৰি এই প্ৰতিযোগিতা চলি থাকিব। প্ৰতি মাহৰ অন্তত প্ৰথম, দ্বিতীয় আৰু তৃতীয় চুটি গল্প কেইটা নিৰ্বাচন কৰি গল্পকাৰৰ নাম প্ৰকাশ কৰা হ'ব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কত।

নতুন গল্পকাৰক উদগনি দিয়াৰ বাবে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে আয়োজন কৰা এই প্ৰতিযোগিতালৈ অভূতপূৰ্ব সঁহাৰি আগবঢ়াইছে। এতিয়ালৈকে প্ৰায় ৪ শতাধিক গল্প বিভিন্ন জনে প্ৰেৰণ কৰিছে। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে আয়োজন কৰা প্ৰথম মাহৰ 'সাহিত্য সন্ধান' শীৰ্ষক চুটি গল্প প্ৰতিযোগিতাৰ ফলাফলসমূহ হ'ল-

'সাহিত্য সন্ধান'ৰ প্ৰথম মাহৰ ফলাফল-

প্ৰথম পুৰস্কাৰঃ নমিতা ৰায়, অভয়াপুৰী

• পেছাত শিক্ষয়িত্ৰী নমিতাই ছাত্ৰাৱস্থাৰে পৰা বিভিন্ন সাহিত্য প্ৰতিযোগিতাত ভাগ লৈ আহিছে। গল্পৰ লগতে প্ৰবন্ধ, কবিতা আদিও লিখি আহিছে নমিতাই।

গল্পৰ নামঃ 'আশাৰ অপমৃত্যু'

দ্বিতীয় পুৰস্কাৰঃ শোণিত কুমাৰ গোস্বামী, দিল্লী

গল্পৰ নামঃ 'সময় তেতিয়া ৭ বাজিছিল'

• গোস্বামী বৰ্তমান তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়, দিল্লীত কৰ্মৰত৷ ইয়াৰ পূৰ্বে গুৱাহাটীত সক্ৰিয় সাংবাদিকতাৰ সৈতে জড়িত আছিল। সাহিত্য চৰ্চাত মনোনিৱেশ কৰা গোস্বামীয়ে কাকত-আলোচনীত নিয়মীয়াকৈ লেখা-মেলা কৰি আহিছে।

তৃতীয় পুৰস্কাৰঃ অনুৰাগ শইকীয়া, গোলাঘাট

গল্পৰ নামঃ 'ডাষ্টবিনৰ লখিমী'

• গোলাঘাট জিলাৰ দেৰগাঁৱৰ যুৱক অনুৰাগৰ নিচা অভিনয় আৰু সাহিত্য। কলেজত পঢ়ি থকা দিনৰে পৰা সাহিত্যৰ চৰ্চা আৰম্ভ কৰিছিল অনুৰাগে।

'সাহিত্য সন্ধান' এই প্ৰতিযোগিতাৰ নিয়মীয়াৱলীসমূহ হ'ল-

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in