/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/shillong-accident-nain-fak.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী-শ্বিলং পথত বৰষুণ বতৰত প্ৰায় দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আপুনি শুনিছে। বৰষুণ দিলেই শ্বিলঙৰ টোলগেট পাৰ হৈ যোৱাৰ পাছতেই বহু বাহন পতিত হয় দুৰ্ঘটনাত। কোনো কোনো বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ড্ৰেইনত সোমাইগৈ। বাহনসমূহ উঠাবৰ বাবেও ৰিকভাৰী ভানো উক্ত স্থানসমূহত সুলভ। পিছে বহু সময়ত যাত্ৰীসকলৰ মনত এটা প্ৰশ্ন উদ্ভৱ হয়- কেনেদৰে গুৱাহাটীৰ পৰা শ্বিলং অভিমুখে যোৱা বাহনসমূহ টোলগেট পাৰ হোৱাৰ পাছতেই এনেদৰে দুৰ্ঘটনাগ্ৰস্থ হয়?
শেহতীয়াকৈ এই দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ কাৰণ হিচাপে এজন ভুক্তভোগীয়ে কৰিছে এক অভিযোগ। ব্যক্তিজনৰ অভিযোগ অনুসৰি, শ্বিলঙৰ টোলগেট পাৰ হোৱাৰ পাছতেই উক্ত স্থানৰ একাংশ অসাধু লোকে বৰষুণ দিলেই পথটোত ইঞ্জিন অইল পেলাই থয়, যাৰ ফলত এনেদৰে গাড়ীবোৰ দুৰ্ঘটনাত পতিত হয়। তাৰ পাছত টোলগেটত থকা ৰিকভাৰীভানেৰে তুলি অনাৰ বাবদ এক বুজন পৰিমাণৰ ধন দাবী কৰে। এইদৰেই ঠাইখিনিৰ একাংশ স্থানীয় লোকে পৰিকল্পিতভাৱে এই ভয়ংকৰ ব্যবসায় কৰি আহিছে।
ইফালে এই পথটোত দুৰ্ঘটনাত পতিত হোৱা বাহনসমূহৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ভাইৰেল হোৱা ভিডিঅ'টোত দেখা গৈছে যে, একেটা স্থানতেই দুৰ্ঘটনাত পতিত হৈছে তিনিখনকৈ গাড়ী। ৰাস্তাটোৰ এটা পাৰে দুখন বাহন আৰু আনটো পাৰে এখন গাড়ী পথটোৰ কাষত বাগৰি পৰি আছে। বৰ্তমান এই দুৰ্ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। কাৰণ একেটা স্থানতেই তিনিখনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত যে কোনো দুষ্ট চক্ৰ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে তাক সম্পূৰ্ণভাৱে নই কৰিবও নোৱাৰি। চাওঁক সেই ভাইৰেল ভিডিঅ'-