বৰঙাবাৰীৰ বিশিষ্ট সমাজকৰ্মী শংকৰলাল আগৰৱালালৈ ২০২৪-২৫ বৰ্ষৰ "আৰোহণ সমাজ সেৱা বঁটা"

বৰঙাবাৰীৰ বিশিষ্ট সমাজকৰ্মী শংকৰলাল আগৰৱালালৈ ২০২৪-২৫ বৰ্ষৰ "আৰোহণ সমাজ সেৱা বঁটা"

author-image
Asomiya Pratidin
New Update
বৰঙাবাৰীৰ বিশিষ্ট সমাজকৰ্মী শংকৰলাল আগৰৱালালৈ ২০২৪-২৫ বৰ্ষৰ "আৰোহণ সমাজ সেৱা বঁটা"

ডিজিটেল সংবাদ,ছয়দুৱাৰ: জীৱনৰ সুদীৰ্ঘ দিন নিষ্ঠা আৰু সততাৰে অসমৰ সমাজ জীৱনৰ প্ৰতি আগবঢ়াই অহা নিঃস্বাৰ্থ সেৱাৰ বাবে গহপুৰ মহকুমাৰ অন্তৰ্গত বৰঙাবাৰীৰ বিশিষ্ট সমাজকৰ্মী, প্ৰতিষ্ঠিত ব্যৱসায়ী শংকৰলাল আগৰৱালাক ২০২৪-২৫ বৰ্ষৰ "আৰোহণ সমাজ সেৱা বঁটা" প্ৰদান কৰা হয়।

Advertisment

মালিগাঁৱৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান আৰোহণ আৰ্টিষ্ট গীল্ডৰ ৰূপালী জয়ন্তী বৰ্ষৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওবাৰে অনুষ্ঠিত কৰা আৰোহণ বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত শংকৰলাল আগৰৱালাক এই বঁটা ৰাজহুৱাভাবে প্ৰদান কৰা হয়।

গুৱাহাটীৰ অসম সাহিত্য সভা প্ৰেক্ষাগৃহৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত শংকৰলাল আগৰৱালাক এই বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভানেত্ৰী মৃণালিনী দেৱী শৰ্মাই।এই বঁটাত আছে এখন ফুলাম গামোচা, এখন চেলেং,এটা জাপি,এটি স্মাৰক আৰু আৰ্টিষ্ট গীল্ডৰ সভাপতি দিলীপ নাথ আৰু সম্পাদক ধিৰাজ পাঠকৰ স্বাক্ষৰ সম্বলিত এখন সম্বৰ্ধনা পত্ৰ।

ব্যৱসায়ৰ সমান্তৰালভাৱে সামাজিক দায়বদ্ধতাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি অহাৰ উপৰিও বিভিন্ন সময়ত আৰ্তজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই মানবীয় প্ৰমূল্যবোধ দাঙি ধৰা শংকৰলাল আগৰৱালাক "আৰোহণ সমাজ সেৱা বঁটা"ৰে সন্মানিত হোৱাত তেওঁক গহপুৰৰ বিভিন্ন ব্যক্তি আৰু দল-সংগঠনে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

Also Read: ৪ দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত পাচেতি মহোৎসৱ..

arohan somaj sewa bota