ডিজিটেল ডেস্ক: নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ BRA_IRCH ৰ প্ৰাক্তন মুৰব্বী আৰু ভাৰতীৰ ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানৰ মুৰব্বী অধ্যাপক ডা: গৌৰা কিশোৰ ৰথক প্ৰদান কৰা হয় শংকৰ লাল গোয়েঙ্কা বঁটা। ৭ এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱসৰ দিনা অসমৰ ৰাজ্যুপাল জগদীশ মুগীয়ে ড০ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰে।
অংকলজীৰ ক্ষেত্ৰখনত তেওঁৰ অনবৈদ্য অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত এখন প্ৰশংসাপত্ৰ আৰু ১ লাখ টকা আছে।
অনুষ্ঠানত ভাষা প্ৰদান কৰি ৰাজ্যপাল মুখীয়ে কয় যে, সংসদৰ শেহতীয়া ৰাজেট অধিৱেশনত ভাৰতৰ বিত্ত মন্ত্ৰীয়ে বিবিচিআইত প্রাপ্তবয়স্ক আৰু শিশু ৰোগৰ ৰক্ত কৰ্কট ৰোগৰ সুবিধা স্থাপনৰ বাবে ১২৯ কোটি টকা ধাৰ্য কৰিছে। প্রতিষ্ঠানটোৱে ইতিমধ্যে হাড়ৰ মজ্জা' সংৰোপণ আৰম্ভ কৰিছে, এয়া সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ ৰাজহুৱা খণ্ডৰ চিকিৎসালয়ত ধৰণৰ প্ৰথম।
অন্য খবৰ পঢ়ক: মাজুলীত খহনীয়াৰ তাণ্ডৱ; লুইতত জাহ গ'ল কোটিটকীয়া আঁচনি…
বিবিচিআইয়ে কৰ্কট ৰোগৰ ওপৰত গৱেষণাৰ কাম প্ৰকাশৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ এনাল অফ অংকলভী ৰিচাৰ্চ এণ্ড ঘেৰাপী নামৰ এখন গ্ৰন্থও প্ৰকাশ কৰিছে। যত্ন আৰু সহানুভূতিৰে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে সামগ্রিক দৃষ্টিভংগী হৈছে উন্নত মানদণ্ডৰ জীৱনৰ বাবে সময়ৰ প্ৰয়োজনীয়তা। সেয়েহে ৰোগীসকলক মানৱীয় দৃষ্টিৰে যত্ন প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ। উত্তৰ পূৰ অঞ্চলত কৰ্কট ৰোগৰ সেৱাৰ বাবে বিবিচিআইয়ে গুৰুত্বপূর্ণ অবদান আগবঢ়াইছে।
উক্ত দিনটোতেই বিবিটিআইৰ সঞ্চালক ডাঃ অমন চন্দ্ৰকটকীৰ দ্বাৰা সম্পাদিত "Triple Cin Cancer" নামৰ এখন কিতাপ ৰাজ্যপালে উন্মোচন কৰে। এই কিতাপ খনৰ প্ৰশংসা কৰি বিবিচিআইৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে কয় যে প্ৰফেছৰ ৰথে কাৰিকৰী দক্ষতা প্রদান কৰি উত্তৰ-পূব ভাৰতৰ কৰ্কট কেন্দ্ৰসমূহৰ বিকাশৰ বাবে ঘষ্টে অৱদান আগবঢ়াইছে। অধ্যাপক ৰথৰ সক্রিয় পদক্ষেপৰ বাবেই উত্তৰ পূব ভাৰতৰ বহুতো কৰ্কট কেন্দ্র স্থাপন কৰিব পাৰিছে। ইয়াৰ উপৰিও ডাঃ কটকীয়ে লগতে কয় যে তেওঁ দেশৰ সাধাৰণ কৰ্কট ৰোগৰ ওপৰত গৱেষণা আৰু কৰ্কট ৰোগীৰ স্ক্ৰীণিং সেৱাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
অন্য খবৰ পঢ়ক: কাজিৰঙাত গঁড়ৰ আক্ৰমণত কৰ্তব্যৰত বনকৰ্মী আহত…