দীৰ্ঘদিন ধৰি জুবিনৰ খবৰ নোলোৱাত অনুশোচনা কণ্ঠশিল্পী ছানৰ

জুবিনৰ সৈতে কটোৱা সোণালী দিনৰ স্মৃতি সুঁৱৰি অনুশোচনা কৰিলে বলীউডৰ কণ্ঠশিল্পী ছানে। জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে সমগ্ৰ দেশ শোকত ভাঙি পৰে।

author-image
সংগীতা দাস
New Update
3333333

ডিজিটেল ডেস্ক: জুবিনৰ সৈতে কটোৱা সোণালী দিনৰ স্মৃতি সুঁৱৰি অনুশোচনা কৰিলে বলীউডৰ কণ্ঠশিল্পী ছানে। জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে সমগ্ৰ দেশ শোকত ভাঙি পৰে। অসমীয়াৰ হিয়াৰ আমঠু জুবিনৰ মৃত্যুৰ বলীউডৰ আগশাৰীৰ সংগীত পৰিচালক, কণ্ঠশিল্পী তথা অভিনেতা-অভিনেত্ৰীয়ে ছ’চিয়েল মেডিয়াযোগে শোক প্ৰকাশ কৰে। জুবিনৰ একালৰ বন্ধু তথা ছানেও জুবিনৰ সৃষ্টি তথা কৰ্মৰাজিৰ কথা উল্লেখ কৰি ছচিয়েল মেডিয়াত এটা প’ষ্ট কৰে। য’ত তেওঁ অনুশোচনাও কৰে। 

কণ্ঠশিল্পীগৰাকীয়ে তেওঁৰ প’ষ্টত লেখিছে, ‘জুবিন সঁচাকৈয়ে এজন ৰজা। তেওঁ নিজৰ মতেই জীৱনটো জীয়ালে আৰু নিজৰ মতেই গুচি গ’লগৈ। এতিয়া মই অনুশোচনা কৰিছো যে মই কিয় তেওঁৰ নিচিনা এজন বন্ধুৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাত কৃপনালি কৰিলো। মই এতিয়া ভাবিছো, যেতিয়া তেওঁৰ কথা মনলৈ আহিছিল, তেতিয়া মই কিয় তেওঁক এটা ফোন নকৰিলো। আমি দুয়োয়ে বহু ভাল সময় কটাইছো। আকৌ আমি লগ হ’ম, নেদেখা দেশত।’