Advertisment

৫ বছৰীয়া শিশুক যৌন নিৰ্যাতনৰ অপচেষ্টা মেট্ৰিক শিক্ষাৰ্থীৰ...

মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে গহপুৰৰ চাৰিদুৱাৰত। এটি ৫ বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতনৰ অপচেষ্টা চলালে দশম শ্ৰেণীৰ এজন ছাত্ৰই।

author-image
Tushar Pratim
New Update
৫ বছৰীয়া শিশুক যৌন নিৰ্যাতনৰ অপচেষ্টা মেট্ৰিক শিক্ষাৰ্থীৰ...

ডিজিটেল সংবাদ চাৰিদুৱাৰঃ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে গহপুৰৰ চাৰিদুৱাৰত। অভিযোগ অনুসৰি এটি ৫ বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতনৰ অপচেষ্টা চলালে দশম শ্ৰেণীৰ এজন ছাত্ৰই। ইয়াকে লৈ এতিয়া অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

Advertisment

উল্লেখ্য যে, চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত মোলান গাঁৱত সংঘটিত হৈছে এই ঘটনা। খেলি থকাৰ অৱস্থাতে এটি ৫ বছৰীয়া কন্যা শিশুক নিজ খুড়াকৰ কিশোৰ পুত্ৰ তথা সম্পৰ্কত ককায়েকে যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল। 

অৱশ্যে সেই সময়তে শিশুটিৰ মাতৃৰ তৎপৰতাত ৰক্ষা পৰিল শিশুটি। ইয়াৰ পিছতে কণমানি শিশুটিৰ পৰিয়ালে এই সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত ৰুজু কৰিছে এক গোচৰ। 

ভাৰতীয় ন্যায় সংহিতাৰ ১২৭ (২)/৬৫(২)/৬২ আৰু শিশু সুৰক্ষা আইনৰ ১০ নম্বৰ ধাৰাত ৰুজু কৰা হৈছে ৩২/২০২৫ নম্বৰত এক গোচৰ। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কিশোৰজনকো।

এই সন্দৰ্ভত কেমেৰাৰ সন্মুখত ভুক্তভোগী শিশুটিৰ মাতৃয়ে অভিযোগ কৰি কয় যে, মই মোৰ দেউৰৰ ঘৰলৈ গৈ দৰ্জা খুলি দেখোঁ মোৰ ৫ বছৰীয়া কন্যাক সি (কিশোৰ জনে) অপকৰ্ম কৰিবলৈ সাজু হৈছিল। 

তেওঁ জনোৱা মতে অপকৰ্ম কৰিবলৈ চেষ্টা কৰা কিশোৰ জনে এইবাৰ মেট্ৰিক পৰীক্ষাত বহিছে। তেওঁ এই সমগ্ৰ ঘটনা আৰক্ষীৰ আগতো অৱগত কৰিছে আৰু পৰিয়ালৰো সকলোকে অৱগত কৰিছে। 

তেওঁ কয়, মোৰ ছোৱালী যদিও মই যি দেখিছো সেই সম্পূৰ্ণকৈ আৰক্ষীক অৱগত কৰিছো। মই সঠিক সময়ত গৈ তাইক উদ্ধাৰ কৰিলো। সি তাইৰ লগত বেয়া কাম কৰিবলৈ চেষ্টা কৰিছিল যদিও কৰিব নোৱাৰিলে। 

কিন্তু ইমান কম বয়সতে কিদৰে মগজুত এই অপৰাধ প্ৰৱণতা গঢ় লৈছে, যৌন নিৰ্যাতনৰ দৰে অপচেষ্টাত লিপ্ত হ'বলৈ সাহস কৰিছে সেয়া এতিয়া বহুতৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। 

যৌন নিৰ্যাতন চাৰিদুৱাৰ