/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c564cfcb-86e8-418a-b98e-888b096da8a1/a33.jpg)
ডিজিটেল ডেস্ক : অসম আৰক্ষীত কেইবাগৰাকী বিষয়াক ৰদ-বদল। সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালক বজালী সদৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি ।
শিৱসাগৰ জিলা সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱজিৎ নাথক ডিব্ৰুগড় জিলাৰ ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ বদলি। ১২ এ পি বি এনৰ উপ-অধিনায়ক পাপৰি চুতীয়াক ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ)লৈ বদলি।
আৰক্ষীৰ নিয়ন্ত্ৰণ শাখাৰ এ ডি চি পি পদত থকা ইফতিকাৰ আলীক নগাঁও সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ বদলি। চিৰাং সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিক একেই পদত শিৱসাগৰলৈ বদলি।
ডিব্ৰুগড় সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াক কাজিৰঙাৰ এছ টি এফলৈ বদলি। বজালীৰ সীমান্তৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মাক চিৰাঙৰ সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি।
ইয়াৰোপৰিও দীৰ্ঘদিন ধৰি একেই জিলা আৰু একেই থানাত থকা আৰক্ষীৰ লোকসকলক বদলিৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ পৰা গৈছে বিশেষ নিৰ্দেশ। একেই স্থানত ৩ বছৰৰ ওপৰত কৰ্মৰত হোমগাৰ্ডৰ পৰা পৰিদৰ্শক পৰ্যায়ৰ বিষয়ালৈকে বদলিৰ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধানে।
এই সন্দৰ্ভত তালিকাসহ প্ৰতিবেদন জমাৰ নিৰ্দেশ দিছে সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ। এছ আইৰ পৰা ওপৰৰ পৰ্যায়ৰ বিষয়াসকলক যিসকলে যোৱা ১০ বছৰৰ ভিতৰত ৭বছৰ একেই পদবীত আছে তেওঁলোকৰো তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।
Also Read: 'বিপৰ্যয়'ৰ প্ৰভাৱ: ৰাজস্থানত ধাৰাসাৰ বৰষুণ