/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/10/ganeshguri.jpg)
ডিজিটেল ডেস্ক : ৩০ অক্টোবৰ, অসমৰ ইতিহাসৰ ক'লা দিন । ২০০৮ চনৰ ৩০ অক্টোবৰ দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কপি উঠিছিল সমগ্ৰ অসম । কলা ধোৱাই আৱৰি ধৰিছিল চাৰিওফালে,চাৰিওফালে কেৱল হুৱাদুৱা । বহুজনে হেৰুৱাইছিল জীৱন, বহুজনে আকোৱালি লৈছিল পংগুত্ব । এই ঘটনাই শুক্ৰবাৰ অৰ্থাৎ আজি বাৰ বছৰ সম্পূৰ্ণ কৰিলে এই বিস্ফোৰনৰ ঘটনাই ।
গুৱাহাটী মহানগৰীৰ পানবজাৰ,ফাচী বজাৰ,গনেশগুৰিৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাওঁত ২০০৮ এই ৩০ অক্টোবৰৰ দিনটোতে ধৰাবাহিক বিস্ফোৰনত কপি উঠিছিল । উল্লেখ্য যে, গুৱাহাটীত ৩টা, বৰপেটা ৰোডত ২টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত ২টাকৈ বিস্ফোৰণ সংঘটিত হৈছিল এই দিনটোত। এই বিস্ফোৰণৰ ফলত ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপত হয় ৪৭০ জন লোক ।
এই ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত বিদ্ৰোহী সংগঠন এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল। ঘটনাৰ তদন্ত কৰি দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চিবিআইয়ে। চাৰ্জশ্বীটত আছিল ২২ জনৰ নাম।বৰ্তমান ৰঞ্জন দৈমাৰী সহ অটাইকেইজন কাৰাগাৰত আছে । ইপিনে শান্তি চুক্তি সমপ্ন হোৱাৰ বাবে হয়টো মুকলি আকাশৰ তললৈ আহিব পাৰে ৰঞ্জন দৈমাৰী ।
শুক্ৰবাৰে এই বিস্ফোৰণৰ ফলত মৃত্যু হোৱা সকলক সুৱৰি গনেশগুৰিত ৰাজ্য চৰকাৰৰে কোভিড প্ৰট'কল মানি শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰে । অনুষ্ঠানত গুৱাহাটী উন্নয়ণ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্য, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, ঘুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওঁজা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে বহু কেই গৰাকী ব্যক্তি উপস্থিত থাকে ।