বিশিষ্ট বৈষ্ণৱ পণ্ডিত লীলাকান্ত মহন্ত কেনে আছে ?

বিশিষ্ট বৈষ্ণৱ পণ্ডিত লীলাকান্ত মহন্ত কেনে আছে ?

ডিজিটেল ডেস্ক : বিশিষ্ট বৈষ্ণৱ পণ্ডিত তথা বৰখাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ লীলাকান্ত মহন্তৰ স্বাস্থ্য কিছু উন্নত হৈছে । যোৱা ৬ দিন ধৰি অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ চিকিৎসালয়ত সংকটজনক অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ আছিল সত্ৰ মহাসভাৰো প্ৰাক্তন সভাপতি লীলাকান্ত মহন্ত ।

মহাপুৰুষীয়া সাহিত্যৰ এজন উচ্চ স্তৰীয় সাধক লীলাকান্ত মহন্তই কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছে । তাৰ ভিতৰত মহাপুৰুষীয়া ধৰ্মত বৈদিক ক্ৰিয়া কৰ্মৰ বিচাৰ, ব্ৰহ্মপ্ৰাণৰ কাহিনী, বাসুদেৱ মূৰ্তিৰ আলৌকিক আৱিৰ্ভাৱ, নামঘোষ‍া মাধুৰ্য্য আদি অন্যতম । গুৰুজনাৰ আৰ্হিত তেওঁ ৰচনা কৰা কেইখনমান উল্লেখযোগ্য অংকীয়া নাট হ'ল সুৰুচি দৰ্পচূৰ্ণ, ধ্ৰুৱৰ স্বৰ্গাৰোহণ, উষা-অনিৰুদ্ধ, ইন্দ্ৰদূম্ন্য উপাখ্যান, হৰিচন্দ্ৰৰ উপাখ্যান, সুন্দৰাকাণ্ড অন্যতম । ওহি বালেকৰ কেলি, প্ৰচণ্ড পৌন্ড্ৰক তেওঁ ৰচনা কৰা শিশু নাট । ভাওনাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ আছে বিশেষ অৰিহণ‍া ।

১৯৭০ চনতেই দিল্লীৰ বৃন্দাবনত সাংস্কৃতিক দল লৈ ভাওনা প্ৰদৰ্শন কৰিছিল লীলাকান্ত মহন্তই । ২০১০ চনত বাংগালুৰুত ৰবি শংকৰ আশ্ৰমত বক্তৃতা দিছিল তেওঁ । ২০০৫ চনত মুম্বাইৰ সন্যাস আশ্ৰমত অনুষ্ঠিত হোৱা ভাৰতৰ আচাৰ্য সন্মিলনত অংশ লৈ হিন্দু ধৰ্মৰ ৰক্ষণাবেক্ষণৰ ওপৰত বক্তব্য প্ৰদান কৰিছিল এই গৰাকী বিদগ্ধ পণ্ডিতে ।

সেতু বন্ধনৰ দৰে ভাওনা সমাৰোহ তেওঁৰেই চিন্তাৰ ফচল । ইয়াৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীয় ভাষাত প্ৰদৰ্শন কৰা হৈছিল ভাওনা । এই গৰাকী বৈষ্ণৱ পণ্ডিতৰ অসুস্থতাৰ খবৰে তেওঁৰ গুণগ্ৰাহী সকলক চিন্তিত কৰি ৰাখিছে । চিকিৎসালয়ত থকাৰ সময়তো তেওঁ ভাগৱত চৰ্চা, ভাগৱত শ্ৰৱণ, ভাগৱত পাঠ অব্যাহত ৰাখিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in