/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/koliyabor-W.R.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ ভৰ বাৰিষাৰ সময়তো অত্যাধিক খৰাঙে বিপদত পেলাইছে কলিয়াবৰৰ কৃষক ৰাইজক। ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে কলিয়াবৰতো যোৱা কিছুদিন বৰষুণৰ অভাৱৰ ফলত কৃষি পথাৰত চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে। বহু কৃষকে পানীৰ অভাৱৰ বাবে গোছ ল'বই নোৱাৰিলে। কলিয়াবৰ কৃষি মহকুমাৰ পৰা পোৱা তথ্য মতে মহকুমাটোৰ পাঁচটা মৌজাৰ ভিতৰত ৪৩১৭ হেক্টৰ শালি খেতিৰ বাবে উপযোগী কৃষি ভূমিৰ মাত্ৰ ২৮০৬ হেক্টৰ কৃষি ভূমিত খেতিয়কে ধানৰ গোছ ল'বলৈ সক্ষম হোৱাৰ বিপৰীতে মাত্ৰ ১৫১১ হেক্টৰ কৃষি ভূমি পানীৰ অভাৱৰ বাবে চন পৰি ৰʼল।
এতিয়া গোছ লোৱা ধান খেতিৰ মাটিত চিৰাল ফাট দিয়াত কৃষক ৰাইজ শংকিত হৈ পৰিছে। এনে পৰিস্থিতিত কৃষকে এমুঠিও ধান নাপাব বুলি কলিয়াবৰৰ কৃষকে আশংকা কৰিছে। উল্লেখ্য যে নগাঁও জিলাত এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্প আছে ৷ কলং-কলিয়াবৰ নামেৰে পৰিচিত এই প্ৰকল্প এতিয়া বগাহাতীত পৰিনত হৈছে ৷ ১৯৭৩ চনত স্থাপন কৰা এই অভিলাষী জলসিঞ্চন প্ৰকল্পই আশা কৰা ধৰনে কৃষকক পানী যোগান ধৰাত সফল হব পৰা নাই ৷
কাৰিকৰী দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ বাবে এই প্ৰকল্পৰ বহু কেইটা নলাৰ জৰিয়তে আৰম্ভণিৰ পৰা আজিলৈকে কৃষিপথাৰত পানী যোগান ধৰিব পৰা নাই ৷ কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰ নদীৰ পৰা দুখন বাৰ্জৰ জৰিয়তে পানী উত্তোলন কৰি কলং-কলিয়াবৰ জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে খেতি- পথাৰত পানী যোগানৰ পদক্ষেপ গ্ৰহণ কৰিছিল ৷কোটি কোটি টকা ব্যয় কৰি ৰূপায়ন কৰা এই জলসিঞ্চন প্ৰকল্পই খেতি পথাৰত পানী যোগানত সমূলি সফল হব পৰা নাই। শেহতীয়াকৈ শনিবাৰৰ পৰা এখন বাৰ্জৰ সহায়ত ব্ৰহ্মপুত্ৰৰ পানী উত্তোলন কৰি খেতি পথাৰলৈ বোৱাই নিয়াৰ চেষ্টা কৰিছে যদিও সেয়া কিমান ফলপ্ৰসূ হ'ব সময়ে ক'ব।
উল্লেখ্যে, ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকল্পটোৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী উত্তোলন কৰা বাৰ্জ দুখন মেৰামতি কৰাৰ উপৰিও উত্তোলিত স্থানৰ পৰা কিছু নিলগলৈ আতৰি যোৱা ব্ৰহ্মপুত্ৰৰ পানী ভাগ সঠিক স্থানলৈ অনাৰ ব্যৱস্থা কৰিছিল ৷তাৰ পিছতো এই আচনি খনৰ পৰা কৃষক ৰাইজে সুবিধা লাভ কৰা নাই ৷৷ ২০১৭ চনত ব্ৰহ্মপুত্ৰ নদীয়ে হাতীমূৰা বান্ধ ভাঙি জিলাখনৰ কলিয়াবৰ অঞ্চলত প্ৰলয়ংকৰী বানৰ সৃষ্টি কৰিছিল ৷এই বানপানীৰ ফলত প্ৰকল্পটোৰ বহুকেইটা নলাৰ মাথাউৰি কেইবাঠাইত ভাঙি- চিঙি যায়।
জলসিঞ্চন বিভাগে ভাঙি পেলোৱা এই মথাউৰি সমূহ মেৰামতি আৰু পূনৰ নিৰ্মাণৰ কাম কৰিছিল যদিও সেয়া সম্পূৰ্ণ নোহোৱাৰ বাবেই এতিয়াও বহু অঞ্চললৈ পানী বোৱাই নিব পৰা অৱস্থাত নাই। বিশেষকৈ ইয়াৰ মিৰিভেটি, বৰভকতি পথাৰৰ বাদে দুলাল নাগশংকৰ, পোৰাভেটি, পাগবন্ধা, দলিবাৰি, মাধতাৰি, পূৱথৰীয়া, ভোলাগুৰি, চেলেং নাহৰচুক, শাকমুঠি, ভৰালী, আখিৰঙা, গাড়িকুৰী, দলগাওঁ, সোন্দৰ, সৰুভগীয়া, বৰুৱাচুক, চতিয়াল আদি সু বৃহৎ পথাৰ অঞ্চললৈ পানী বোৱাই নিবলৈ এতিয়াও সক্ষম হৈ উঠা নাই। ফলত সহস্ৰাধিক কৃষক ৰাইজ পানী পোৱাৰ পৰা বঞ্চিত হ'ব বুলি ক'ব লাগিব ৷
শেহতীয়া ভাৱে এই বাৰ্জ দুখন পুনৰ মেৰামতিৰ কাম আৰম্ভ কৰিছিল যদিও এজন কৰ্মচাৰী বিদুৎপৃষ্ঠ হৈ মৃত্যু মুখত পৰাত পুনৰ মেৰামতি কাম বন্ধ হৈ পৰে ৷অভিলাষী এই আচনিখন এতিয়া কৃষকৰ বাৱে ভালুকৰ সাঙীত পৰিনত হৈছে৷ চলিত বৰ্ষত জুলাই আগষ্ট মাহত বিগত বৰ্ষসমূহৰ তুলনাত এইবাৰ বৰষুণৰ পৰিমান যথেষ্ট কম ৷ এতিয়া বৰষুণৰ অভাৱৰ বাৱে কৃষকে শালিধানৰ কঠিয়া ৰোপন কৰিব পৰা নাই ৷অথচ জিলাখনত এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন আচনিকে ধৰি এই আচনি সমূহৰ মেৰামতিৰ নামত বহু ধন খৰচ কৰি আহিছে যদিও জলসিঞ্চনৰ পৰা বঞ্চিত হৈ আহিছে কৃষক ৰাইজ ৷
বিভাগটোৰ একাংশ কাৰ্য্যবাহী অভিযন্তা ,বিষয়া -কৰ্মচাৰী,ঠিকাদাৰ ,ৰাজনৈতিক নেতা আদিয়ে জলসিঞ্চনৰ আচনিৰ মেৰামতি ,পুনৰ নিৰ্মাণ আদিৰ নামত ভয়াবহ লুণ্ঠন চলাই আহিছে বুলিও অভিযোগ উঠিছে ৷ যাৰ ফলত কৃষকসকল বৰষুণৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হৈছে তথাপিও জলসিঞ্চন আচঁনিখন গতিশীল কৰিব পৰা নাই ৷ কৃষক ৰাইজে শীঘ্ৰেই জলসিঞ্চন ব্যৱস্থা সমূহ গতিশীল কৰিবলৈ চৰকাৰক দাবী জনাইছে ।
আৰু পঢ়কঃ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত গুৰুজনাৰ তিৰোভাৱ তিথি পালন…