Published on :
Updated on :
- ২০১১-১৬ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ।
- ইতিমধ্যে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আৰম্ভ হৈছে তদন্ত।
- মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই আৰম্ভ কৰিছে বিধায়ক গৰাকীৰ বিৰুদ্ধে এই তদন্ত।
- যোৰহাটত বাহৰ পাতিছে ৪-৫জনীয়া তদন্তকাৰী এটা দলে।
- ডিচিৰ কাৰ্যালয়ৰ পৰা তদন্তকাৰী দলটোৱে ইতিমধ্যে সংগ্ৰহ কৰিছে নথিপত্ৰ।
- ইফালে, বিধায়ক গৰাকীৰ বিৰুদ্ধে আনটাইড ফাণ্ডৰ অনিয়মৰো অভিযোগ উত্থাপন হৈছে।
- উল্লেখ্য যে, যোৱা কিছুদিনৰ পৰা চৰকাৰৰ বিৰুদ্ধে বহু অনিয়মৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ আছিল কংগ্ৰেছৰ বিধায়ক গৰাকী।
Asomiya Pratidin
www.asomiyapratidin.in