দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…

দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…

author-image
asomiyapratidin
New Update
দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইন অসমত বলবৎ কৰা বিষয়টো দেশৰ আন প্ৰান্ততকৈ পৃথক বুলি স্পষ্ট কৰি দিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। অসম চুক্তিত নাগৰিকত্ব প্ৰাপ্তিৰ বাবে ১৯৭১ চনৰ ২৪ মাৰ্চক অন্তিম সময়সীমা( কাট অৱ ডেট) স্পষ্ট কৰি থোৱাৰ পৰিপেক্ষিততে ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত নতুনকৈ সংশোধনী কৰা নাগৰিকত্ব আইন-২০১৯ক লৈ অসমৰ পৰা দাখিল কৰা আইন বাতিলৰ আবেদন সন্দৰ্ভত পৃথক শুনানিৰ প্ৰয়োজন আছে বুলিও উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে।

Advertisment

সৰ্বোচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ বুধবাৰৰ শুনানিত কোৱা হয়, অসম আৰু ত্ৰিপুৰাৰ আবেদন সন্দৰ্ভত সুকীয়াকৈ শুনানি গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰকো অসম সন্দৰ্ভত তেওঁলোকৰ বক্তব্য সম্বলিত আবেদন কেতিয়া দাখিল কৰিব সেই বিষয়ে জানিবলৈ বিচৰাত এৰ্টনী জেনেৰেল কে কে বেণুগোপালে ইয়াৰ বাবে দুসপ্তাহ সময় বিচাৰে আৰু ন্যায়ালয়ে সেয়া মঞ্জুৰ কৰে।