সৰ্থেবাৰীৰ বালাপাৰাৰ ভাৰেগাঁৱত ২ লক্ষাধিক টকা জব্দ…

সৰ্থেবাৰীৰ বালাপাৰাৰ ভাৰেগাঁৱত ২ লক্ষাধিক টকা জব্দ…

author-image
asomiyapratidin
New Update
সৰ্থেবাৰীৰ বালাপাৰাৰ ভাৰেগাঁৱত ২ লক্ষাধিক টকা জব্দ…

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত সৰ্থেবাৰীৰ বালাপাৰাৰ ভাৰেগাঁও চকত শনিবাৰে বালাপাৰা আৰক্ষী আৰু এছ এছ টিয়ে চলোৱা এক তালাচী অভিযানত এগৰাকী ব্যক্তিৰ পৰা ২,২২,০০০ টকা জব্দ কৰে।

ইউচুফ খালিফা নামৰ এগৰাকী ব্যক্তিৰ পৰা ধনখিনি জব্দ কৰা বুলি জানিব পৰা গৈছে । নিৰ্বাচনী আচৰণ বিধি প্ৰয়োগ হৈ থকাৰ সময়ত টকাখিনি নীতি বৰ্হিভূতভাবে সৰবৰাহ কৰাৰ অভিযোগত জব্দ কৰা হয় বুলি জানিব পৰা গৈছে ।

টকাখিনি সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিজিতা ডেকাৰ নেতৃত্বত আৰু ৰাজহ চক্ৰৰ সংলগ্ন বিষয়া চন্দন বেজবৰুৱাৰ উপস্থিতত জব্দ কৰা হয়। জব্দ কৰা টকাখিনি জিলা কোষাগাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিজিতা ডেকাই।