সৰ্থেবাৰীৰ জ্যেষ্ঠ ওজা কঁহাৰ শিল্পী মৃগেন পাঠক অসুস্থ, গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন…

সৰ্থেবাৰীৰ জ্যেষ্ঠ ওজা কঁহাৰ শিল্পী মৃগেন পাঠক অসুস্থ, গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন…

ডিজিটেল সংবাদ, চেঙা: কাঁহশিল্পৰ পীঠস্থান ঐতিহাসিক সৰ্থেবাৰীৰ ওজা কঁহাৰ শিল্পী মৃগেন পাঠক অসুস্থ। সম্প্ৰতি অসুস্থ মৃগেন পাঠক গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বহু যুৱকক প্ৰশিক্ষণ দি কঁহাৰ শিল্পী হিচাপে প্ৰতিষ্ঠা কৰি কাঁহশিল্পলৈ বিশেষ অৰিহণা আগবঢ়োৱা জ্যেষ্ঠ ওজা কঁহাৰ শিল্পী মৃগেন পাঠক এগৰাকী সুনিপুন কঁহাৰ শিল্পী হোৱাৰ উপৰিও দিহানাম আৰু ঘোষানামৰ এগৰাকী প্ৰখ্যাত পাঠক। সৰ্থেবাৰী পাঁচ খেল গঞাগয়ৰহৰ বৰ পাঠক পদত একেৰাহে ঌ বছৰ কাৰ্যনিৰ্বাহক কৰা মৃগেন পাঠকৰ সমগ্ৰ সৰুক্ষেত্ৰী অঞ্চলটোতে আছে এক সুকীয়া পৰিচয়। সৰুৰে পৰাই কাঁহশিল্পৰ লগত জড়িত মৃগেন পাঠকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা কাঁহৰ প্লেট বটা, জড়ি বটা, চপ বটাৰ আছে এক সুকীয়া পৰিচয়।

ৰূপৰ বঁটা তৈয়াৰ কৰিব পৰা একমাত্ৰ কঁহাৰ শিল্পী মৃগেন পাঠকৰ প্ৰখ্যাত শিল্পকৰ্মৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা দুবাৰকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰি অসম চৰকাৰে মৰ্যাদা প্ৰদান কৰিছে। এইগৰাকী জ্যেষ্ঠ ওজা কঁহাৰ শিল্পী মৃগেন পাঠক কিছুদিনৰ পৰা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ আছিল। ইয়াৰ মাজতেই বৃক্কৰ ৰোগত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ শৰীৰত ছদিয়াম কমি যোৱাত ১ অক্টোবৰৰ নিশা গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰা হয় জ্যেষ্ঠ ওজা কঁহাৰ শিল্পী মৃগেন পাঠকক।

গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ থকা ওজা কঁহাৰ শিল্পী মৃগেন পাঠকৰ আশু আৰোগ্য কামনা কৰে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ লগতে প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাস , অগপৰ কেন্দ্ৰীয় মুখপত্ৰ ধৰ্মেশ্বৰ ৰয়, বিৰিণা গোষ্ঠী অসমৰ সভাপতি- সম্পাদক ক্ৰমে লীলাধৰ পাঠক আৰু তফিকুৰ ৰহমানে । সম্প্ৰতি জ্যেষ্ঠ শিল্পী গৰাকীৰ স্বাস্থ্যৰ কিছু উন্নতি ঘটা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in