চৰাইদেউত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন…

চৰাইদেউত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন…

ডিজিটেল ডেস্কঃ চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত তথা জনসংযোগ বিভাগ আৰু জিলা সংবাদকৰ্মীসকলৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচী অনুসৰি প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই নিৰ্ধাৰণ কৰা বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত হয়। সংবাদ মাধ্যমৰ ওপৰত ক'ভিড ১৯ মহামাৰীৰ প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ ভুমিকা সন্দৰ্ভত আলোকপাত কৰা হয় সভাখনত।

চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাত চৰাইদেউ জিলাৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা: অমৃত শইকীয়া, চৰাইদেউ মহকুমা স্বাস্থ্য বিষয়া (সদৰ) ডা: নৃপেন বৰুৱা সমল ব্যক্তি হিচাবে উপস্থিত থাকে। চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃনাল ডেকা, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ চৰাইদেউ জিলা প্ৰগেম মেনেজাৰ অভিজিত শৰ্মাকে ধৰি জিলাখনৰ সংবাদকৰ্মীসকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in