/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/98cface5-5edc-430f-8c52-9f1677b298f8/7.jpg)
ডিজিটেল সংবাদ, ঘিলাধাৰী: গোলাঘাট পূৱ পদুমণি উন্নয়ন খণ্ড অধীনৰ মক্ৰং গাঁও পঞ্চায়তৰ উদ্যােগত দিনযোৰা কাৰ্যসূচীৰে উলহ-মালহেৰে সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী অনুষ্ঠিত হয়৷
শনিবাৰে পুৱা গোলাঘাট পূৱ পদুমণি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ময়ূৰীমা মোহনে বন্তি প্ৰজ্বলন কৰাৰ পিছতে গীত, নৃত্য আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ মক্ৰং গাঁও পঞ্চায়ত ভিত্তিত অনুষ্ঠিত হোৱা সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীত জ্যোতি, ৰাভা, ভূপেন্দ্ৰ সংগীতৰ লগতে বিভিন্ন জনজাতীয় নৃত্য প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷
Also Read: চিলাপথাৰত খ্ৰীং খ্ৰীং বাইথ' পূজাৰ ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি