ডিজিটেল সংবাদ গুৱাহাটীঃ অসমীয়া ভাষা-সাহিত্য অতি বিপৰ্যয়ৰ মাজেৰে আহি আজিৰ স্তৰত উপনীত হৈছে। অসমীয়া ভাষা-সাহিত্য বিদ্বেষী এটি চক্ৰই তাহানিৰে পৰাই কু-দৃষ্টি দি আহিছে। সৌসিদিনা বৰাকত চৰকাৰী বিজ্ঞাপনৰ বেনাৰৰ অসমীয়া লিপিত ক'লা ৰং সানি মুক্ত ঘৃণাৰ প্ৰকাশ কৰিছিল। এনে সন্ধিক্ষণতেই অসমৰ দুগৰাকী তৰুণ কবি-চিত্ৰশিল্পী ফাৰহান জাৱেদ, নীলাভ সৌৰভ আৰু অনুবাদক ছা-হা-বা হাৰ্টিয়ে ভাষা-সাহিত্যৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰাৰ মন মেলিছে। এইবেলি গ্ৰন্থমেলাৰ বতৰত অৰ্দ্ধশতাধিক ছিৰিয়াছ গ্ৰন্থ প্ৰকাশৰ লক্ষ্যৰে 'শংকৰদেৱ প্ৰকাশনে' এই যাত্ৰাৰ প্ৰথম অংশ হিচাপে মৌচুমী ৰাজখোৱাৰ 'আখৰৰ শামুক', ৰিপুঞ্জয় বৰুৱা ঋমনৰ 'পাতে গজা গছ' আৰু নৰ বাহাদুৰ দৰ্জীৰ 'বৰষুণ দিয়া এটি গধূলি' শীৰ্ষক তিনিখন কাব্যগ্ৰন্থ ৭ নৱেম্বৰ ২০২১ তাৰিখে পেন্সনাৰ ভৱন (চান্দমাৰী, গুৱাহাটী)ত উন্মোচন কৰে।
কবি-স্তম্ভলেখক দিগন্ত ৰাগে আঁত ধৰা উন্মোচনী অনুষ্ঠানটিৰ প্ৰাৰম্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনন্তৰাম মেধিয়ে বন্তি প্ৰজ্বলন কৰি মানুহৰ মংগল কামনা কৰে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰা বিশিষ্ট অনুবাদক বিপুল দেউৰী, বিশিষ্ট স্তম্ভ লেখক অৰ্ণৱ শইকীয়া, প্ৰকাশ আলোচনীৰ সহযোগী সম্পাদক, বিশিষ্ট গল্পকাৰ গীতালি বৰা, বিশিষ্ট কবি সুৰেশ ৰঞ্জন গদুকা, বিশিষ্ট কবি তথা পৰ্যটন বিষয়া ডেনী গাম।
শংকৰদেৱ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কেওখন গ্ৰন্থৰ কবিতাখিনি মানসম্পন্ন হোৱাৰ উপৰি বৰ্ণাশুদ্ধিৰ দিশত প্ৰকাশন গোষ্ঠীটোৱে সচেতনতাৰে আগবাঢ়িছে বুলি মত আগবঢ়াই।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰাজ্যখনৰ দহগৰাকী তৰুণ কবিয়ে কবিতা পাঠ কৰে, সংগীত শিল্পী নৰ বাহাদুৰ দৰ্জীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ গীত পৰিৱেশন কৰি সভাত উপস্থিত সাভাসদক আপ্লুত কৰে।
মৌচুমী ৰাজখোৱাৰ 'আখৰৰ শামুক'ৰ কবিতাখিনি উন্নতমানৰ বুলি মত আগবঢ়াই সুৰেশ ৰঞ্জন গদুকাই 'মৌচুমী ৰাজখোৱা সাম্প্ৰতিক সময়ৰ এগৰাকী গুৰুত্বপূৰ্ণ কবি' বুলি উল্লেখ কৰে। ৰিপুঞ্জয় বৰুৱা ঋমনৰ 'পাতে গজা গছ' সন্দৰ্ভত ডেনী গামে নিজে কবিতা লিখাৰ আৰম্ভণি সময়ৰ কথা দোহাৰি— 'ৰিপুঞ্জয়ৰ কবিতাই সম্ভাৱনা বহন কৰিছে' বুলিও উল্লেখ কৰে। আনহাতে অৰ্ণৱ শইকীয়াই 'পাতে গজা গছ'ৰ কবিতাখিনি উন্নত মানৰ হোৱাৰ উপৰি প্ৰচ্ছদসজ্জাও ভাল হৈছে বুলি মত ব্যক্ত কৰে।
নৰ বাহাদুৰ দৰ্জীৰ 'বৰষুণ দিয়া এটা গধূলি' সন্দৰ্ভত অভিমত ব্যক্ত কৰি বিশিষ্ট অনুবাদক বিপুল দেউৰীয়ে অসমীয়া ভাষাৰ লগতে ইংৰাজী ভাষাৰ মহৎ সাহিত্যও অধ্যয়ন কৰিবলৈ কবিসকলক আহ্বান জনায়। প্ৰকাশকৰ হৈ নীলাভ সৌৰভে শংকৰদেৱ প্ৰকাশনে গ্ৰন্থ প্ৰকাশৰ কৰাৰ উপৰি বিতৰণ আৰু অসমীয়া গ্ৰন্থৰ প্ৰসাৰ-প্ৰচলনৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি যাব বুলি মত আগবঢ়াই সভাত উপস্থিত সদৌটিৰে শলাগ লয়।