নাৰায়ণপুৰত ৭০ টা জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চৰ সংকল্প যাত্ৰাৰ প্ৰতিবাদী সভা

নাৰায়ণপুৰত ৭০ টা জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চৰ সংকল্প যাত্ৰাৰ প্ৰতিবাদী সভা

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনে সোমবাৰে জোনাইৰ পৰা দিছপুৰলৈ কৰা বাইক ৰেলী আহি বিয়লি নাৰায়ণপুৰত উপস্থিত হয়।

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীৰে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়ত নাৰায়ণপুৰত দলটি উপস্থিত হোৱাৰ পাছত দলটোক নাৰায়ণপুৰৰ দল-সংগঠনৰ লগতে ৰাইজে আদৰণি জনায়৷ নাৰায়ণপুৰত উপস্থিত হৈ সংকল্প যাত্ৰাকাৰী দল-সংগঠনে এক পথসভা অনুষ্ঠিত কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে অসমত নৰেন্দ্ৰ মোদীৰ দাদাগিৰি নচলিব, বিজেপি চৰকাৰ মূৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।

অসমীয়াৰ ঐক্য শক্তিৰ আন্দোলনৰ পোষকতা কৰি অনুষ্ঠিত প্ৰতিবাদী সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেদান্ত লস্কৰ, টাইপাৰ দুলাল বৰুৱা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা হেমচন্দ্ৰ গোস্বামী, সৌৰভ দাসৰ নেতৃত্বত ৭০টা সংগঠনৰ কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে।

এই প্ৰতিবাদী সভাতেই জাতীয় নায়ক আখ্যা পোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰাৰ লগতে জাতি-মাটি-ভেটিৰ ৰক্ষাৰ শ্ল'গানেৰে দিছপুৰৰ গাদী দখল কৰিবলৈ সক্ষম হোৱা সৰ্বানন্দ সোণোৱাল এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পুতলা বুলি উল্লেখ কৰি প্ৰতিবাদী সভাতে পঞ্চায়তত বিজেপিক উৎখাত কৰাৰো আহ্বান জনায়৷

সংকল্প যাত্ৰাৰ প্ৰতিবাদী সভাৰ পাছত সমদলটোত অংশগ্ৰহণ কৰা দল সংগঠনৰ নেতা সকলে নাৰায়ণপুৰতে আজি বাহৰ পাতে। কাইলৈ পুৱা নাৰায়ণপুৰৰ পৰাই পুনৰ যাত্ৰা আৰম্ভ কৰা হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in