উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰবন্ধক সঞ্জীৱ ৰায়ৰ বৰপথাৰ পৰিদৰ্শন

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰবন্ধক সঞ্জীৱ ৰায়ৰ বৰপথাৰ পৰিদৰ্শন

author-image
asomiyapratidin
New Update
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰবন্ধক সঞ্জীৱ ৰায়ৰ বৰপথাৰ পৰিদৰ্শন

ডিজিটেল সংবাদ, সৰুপথাৰঃ উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ প্ৰবন্ধক সঞ্জীৱ ৰায়ে বুধবাৰে ধনশিৰি মহকুমা ভ্ৰমণ কৰি বিভাগটোৰ অভাৱ অভিযোগ সমূহৰ বুজ লোৱাৰ লগতে বৰপথাৰত ৰে'ল বিভাগৰ এটা গুদাম ঘৰৰ উদ্বোধন কৰে।

Advertisment

দুপৰীয়া প্ৰবন্ধকগৰাকী বৰপথাৰত উপস্থিত হোৱাৰ পিছতে বৰপথাৰবাসীয়ে উষ্ম আদৰণি জনায়। তাৰ পিছতে বৰপথাৰ ৰে'লৱে ষ্টেচনত ব্ৰহ্মপুত্ৰ মেইল, ৰঙিয়া-ডিব্ৰুগড় যাত্ৰীবাহী আদি ৰে'লৰ ষ্টপেজ প্ৰদানৰ বাবে দাবী পত্ৰ প্ৰদান কৰা হয় প্ৰৱন্ধকগৰাকীৰ হাতত। তদুপৰি, এখন ফুট অভাৰব্ৰীজ নিৰ্মাণ, টি টি কলনী নিৰ্মাণ কৰা আৰু ষ্টেচনটো সংবৰ্ধনৰ বাবেও বিভিন্ন দল-সংগঠনসমূহে স্মাৰক পত্ৰ প্ৰদান কৰে।

অন্যহাতে বৰপথাৰবাসীৰ দাবীসমূহ শীঘ্ৰে বিবেচনা কৰাৰ আশ্বাস দিয়ে সঞ্জীৱ ৰয়ে। উল্লেখ্য যে, বুধবাৰে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ বছেৰেকীয়া বিভাগীয় পৰিদৰ্শনৰ বাবে বৰপথাৰৰ লগতে বিভিন্ন ৰে'ল ষ্টেচনত উপস্থিত হয় প্ৰবন্ধক সঞ্জীৱ ৰয়। তেওঁ বৰপথাৰ ৰে'লৱে ষ্টেছনত বিভাগীয় নথি পত্ৰসমূহ পৰীক্ষা কৰে।