/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/Yarlung-Zangpo-River-4.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ চীন সীমান্তৰ টুটিঙত বৃদ্ধি পাইছে চিয়াঙৰ জলস্তৰ৷ চীনৰ য়াৰলুং চাংপো নদীৰ ওপৰত থকা নদীবান্ধৰ পৰা এৰি দিয়া হৈছে বৃহৎ পৰিমাণৰ পানী৷ বিগত ৫০ বছৰত চীনৰ মিডং অঞ্চলত হোৱা নাই এনেধৰণৰ বৃষ্টিপাত৷ মিডং অঞ্চলৰ মাজেৰেই বৈ আহিছে চাংপো নদী৷ অতি কমেও ৮টা নদী বান্ধ আছে তীব্বতৰ চাংপো নদীত৷
অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ গেলিঙৰ পৰা চীন সীমান্তৰ দূৰত্ব প্ৰায় পোন্ধৰ কিলোমিটাৰ৷ টুটিঙৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত তিব্বতৰ ফালে চাংপো নদীৰ ওপৰত আছে এটা বৃহৎ নদীবান্ধ৷ এই নদীবান্ধৰ পৰাও এৰিদিয়া হৈছে বৃহৎ জলাধাৰ৷
নদীবান্ধ সুৰক্ষাৰ বাবেই পানী এৰি দিয়া হৈছে আৰু চীন চৰকাৰে যোৱা জুলাই মাহত ভাৰতৰ লগত হোৱা আলোচনা অনুসৰি চীনে কালি নদীবান্ধৰ পানী এৰি দিয়াৰ কথা অবগত কৰিছিল ভাৰত চৰকাৰক৷ কেন্দ্ৰীয় জল আয়োগে জনোৱা তথ্য মতে আজি পুৱা টুটিঙত চিয়াঙত বৃদ্ধি পাইছে জলস্তৰ৷ কিন্তু সন্ত্ৰস্ত হ'ব পৰাকৈ জলস্তৰ বৃদ্ধি পোৱা নাই বুলি আয়োগে প্ৰকাশ কৰিছে৷
কেন্দ্ৰীয় জল আয়োগৰ অৰুণাচল প্ৰদেশৰ বিষয়াসকলে দিনে-নিশাই পৰ্যবেক্ষণ কৰিছে চিয়াঙৰ জলস্তৰ৷ উল্লেখ্য যে, মাত্ৰ দুমাহ পূৰ্বে কেন্দ্ৰীয় জল আয়োগে টুটিঙত এটা কাৰ্যালয় মুকলি কৰিছিল চিয়াঙ নদীৰ জলস্তৰৰ ওপৰত নজৰ ৰাখিবলৈ৷ ইপিনে পাছিঘাটত চিয়াঙৰ অস্বাভাবিৰ বৃহৎ ঢৌ এতিয়াও অব্যাহত আছে৷
ইতিমধ্যে টুটিং, ইয়িকিয়ং আদি অঞ্চলতো চিয়াঙ নদীৰ পৰা দুৰত্ব বজাই ৰাখিবলৈ জিলা প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে৷ টুটিঙৰ পৰা পোৱা তথ্য মতে চীনে কালি প্ৰকাশ কৰা ৯৫০ কিউমেক পৰিমাণৰ পানীতকৈ বেছি পানী এৰি দিয়া বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ টুটিঙৰ পৰা চিয়াঙৰ ব়দ্ধি পোৱা পানী অসম সোমাবলৈ প্ৰয়োজন হয় প্ৰায় দহঘন্টাৰ৷ ইতিমধ্যে পাছিঘাটতো জাৰি কৰা হৈছে সতৰ্কীকৰণ জাননী৷