/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/25718129-a90a-4754-a16e-9fcffaa9bab9/dsdd.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা কচুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ছামছুদ্দিন আহমেদ (৯৪) ৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত সোমবাৰে কামপুৰৰ নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে । প্ৰয়াত আহমেদে কচুৱা মধ্য ইংৰাজী বিদ্যালয়ত ১৯৫৮ চনৰ পৰা ১৯৯০ চনলৈকে প্ৰধান শিক্ষক হিচাপে শিক্ষকতা কৰাৰ লগতে বিভিন্ন সামাজিক-সাংস্কৃতিক দিশত সক্ৰিয়ভাৱে জড়িত হৈ কচুৱা অঞ্চলৰ শৈক্ষিক উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল ।
কচুৱাত শিক্ষক গৰাকীৰ মৃতদেহৰ কাষত অসংখ্য গুণমুগ্ধই ভিৰ কৰাৰ লগতে শেষ শ্ৰদ্ধা নিবেদন কৰাৰ অন্তত বিয়লি কামপুৰ কবৰস্থানত জানাজা সম্পন্ন কৰা হয় । সৰবৰহী ব্যক্তি গৰাকীৰ মৃত্যুত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, কচুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, কচুৱা আঞ্চলিক আলিম-উলেমা সমাজ, পৰিবহণ শ্ৰমিক সন্থা, আমছু, বিশিষ্ট সমাজকর্মী আব্দুল জবৰ, ইছলাম কাজী, কামপুৰ প্ৰিণ্ট মিডিয়া আদি কৰি কামপুৰ আৰু কচুৱাৰ বিভিন্ন অনুষ্ঠান প্ৰতিস্থানে শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত আহমেদে দুগৰাকী পুত্ৰ, তিনিগৰাকী কন্যা আৰু বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি গৈছে ।
Also Read: মৰিগাঁৱত ৬৯৪৩ গৰাকী হিতাধিকাৰীলৈ ঋণমুক্ত হোৱাৰ প্ৰমাণপত্ৰ