কিশোৰী নিৰুদ্দেশঃ সম্ভেদ পালে পৰিয়ালক অৱগত কৰাৰ আহ্বান

কিশোৰী নিৰুদ্দেশঃ সম্ভেদ পালে পৰিয়ালক অৱগত কৰাৰ আহ্বান

ডিজিটেল সংবাদ ছমৰীয়াঃ কামৰূপ জিলাৰ বকোত এগৰাকী কিশোৰী নিৰুদ্দেশ হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। বকো আৰক্ষী থানাৰ অন্তৰ্গত টুৰুকপাৰাৰ আব্দুল খালেক আৰু ফৰিদা বিবিৰ ষোল্ল বছৰীয়া কন্যা সন্তান ছুহানা বেগম বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে।

উল্লেখ্য যে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।জানিব পৰা মতে বৃহস্পতিবাৰে কিশোৰী ছুহানা বেগম টিউচনৰ পৰা আবেলি চাৰি মান বজাত ঘৰলৈ আহি থকাৰ সময়ৰে পৰা নিৰুদ্দেশ হৈ আছে।সন্ধিয়া সময়ত ছোৱালীজনী ঘৰ আহি নোপোৱাত পৰিয়ালৰ লোকে যোগযোগ কৰোতে ছোৱালীজনীৰ মবাইল ছুইটচ অফ হৈ আছে বুলি জনায়।

ইতিমধ্যে কিশোৰী গৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত পৰিয়ালৰ লোকে বৃহস্পতিবাৰে বকো আৰক্ষীক এখন এজাহাৰ দিছে আৰু বকো আৰক্ষীয়েও এই সন্দৰ্ভত তদন্ত চলাই আছে বুলি জনায়।উল্লেখ্য যে ছোৱালী জনী নিৰুদ্দেশ সন্দৰ্ভত শুক্ৰবাৰে পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ জৰিয়তে ছুহানা বেগমৰ লোকে খবৰ পালে পৰিয়ালৰ লোকৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।পৰিয়ালৰ যোগাযোগ নম্বৰ৯৩৬৫০-২৮৯১৮/৭০৯৯৬-২৯৪৫৯।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in