চেল্যুট ত্ৰিৰংগাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী

প্ৰতি বছৰৰ দৰে এইবছৰো চেল্যুট ত্ৰিৰংগাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি বৃক্ষৰোপনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এইবেলি এই বৃক্ষৰোপন কাৰ্যসূচী জুবিন গাৰ্গৰ প্ৰতি উৎসৰ্গা কৰা হয়। 

author-image
সংগীতা দাস
New Update
web 6

ডিজিটেল ডেস্ক: প্ৰতি বছৰৰ দৰে এইবছৰো চেল্যুট ত্ৰিৰংগাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি বৃক্ষৰোপনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এইবেলি এই বৃক্ষৰোপন কাৰ্যসূচী জুবিন গাৰ্গৰ প্ৰতি উৎসৰ্গা কৰা হয়। 

চেল্যুট ত্ৰিৰংগাৰ প্ৰতিষ্ঠা দিৱস ২ অক্টোবৰত যদিও এইবাৰ দুৰ্গোৎসৱৰ বাবে উক্ত দিনটোত একো কাৰ্যসূচী গ্ৰহণ কৰা হোৱা নাছিল। সেয়েহে, চেল্যুট ত্ৰিৰংগা অসম প্ৰদেশৰ উদ্যোগত ৫ অক্টোবৰত এই প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।

প্ৰতিষ্ঠা দিৱসত অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই সমগ্ৰ ৰাজ্যজুৰি নাহৰ গছৰ পুলি ৰোপন কৰা হয়। এই সন্দৰ্ভত  চেল্যুট ত্ৰিৰংগাৰ ৰাজ্যিক সভাপতি অনুপ সিনহাই জানিবলৈ দিয়া মতে, প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসমীয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ কৰি গুৱাহাটীৰ জ্যোতি চিত্ৰবনকে ধৰি অসমৰ সকলো জিলাত তেওঁৰ নামত নাহৰ পুলি ৰোপন কাৰ্য্যসূচী সমাপন কৰা হয়।