/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/cb655e3e-a27d-488c-8fff-a1950c661ed4.jpg)
ডিজিটেল সংবাদ,শালবাৰীঃ যেন দ্বিতীয় মাজুলীহে!বাক্সাৰ শালবাৰীত দুফালে দুটা নদী৷মাজত আশ্ৰয় শিবিৰত ভোকে-পিয়াহে থকা বানাক্ৰান্তৰ হাহাকাৰ পৰিবেশ৷ অতি দুৰ্গম অঞ্চল হোৱা বাবে চৰকাৰ বা প্ৰশাসনৰ কোনো লোকে গুৰুত্ব দিয়া নাই বাক্সা-বৰপেটাৰ সীমান্ত শালবাৰীৰ বটিয়ামাৰি আৰু দুৰামাৰীত বানৰ কবলত পৰি আশ্ৰয় শিবিৰত দিনৰাতি অতিবাহিত কৰা বানাক্ৰান্ত ৰাইজক৷ভোকে পিয়াহে আতুৰ শিবিৰৰ কণ কণ শিশুৰ সমুখত শুকান চিৰা,মুৰি৷ কোনোৱে আকৌ কেবল কঁঠালগুটি,কঁচু আদি সিজোৱাত ব্যস্ত৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/cb655e3e-a27d-488c-8fff-a1950c661ed4-1024x641.jpg)
যি দৃশ্যই সকলোৰে মন সেমেকাই তুলিব পাৰে৷ বাক্সাৰ শালবাৰীৰ এফালে ৰূপহী আনফালে পহুমাৰা নৈ৷দুয়োটা নদীয়ে ভূটানৰ পৰা বৈ অহা পানীৰ বাবে প্ৰবল বানপানীৰ সৃষ্টি কৰাৰ পিছত ঘৰ-দুৱাৰ হেৰুৱাই আলৈআথানি নোহোৱা হৈ পৰিছে বৃহত্তৰ বটিয়ামাৰি আৰু দুৰামাৰী অঞ্চলৰ ৰাইজৰ৷ দুই নৈৰ মাজত আবদ্ধ হৈ আছে প্ৰায় দুশ পৰিয়াল৷
/https://media.assettype.com/asomiyapratidin/import/website/2019/07/a19dfc82-3c2b-41f1-be15-9a7415fa7b3d-1024x674.jpg)
পদপথতে আশ্ৰয় শিবিৰ পাতি চৰকাৰৰ অৱহেলাৰ সমুখীন হৈ কেনেকৈ জীয়াই আছে পৰিয়ালসমূহ চকুৰে নেদেখিলে কোনেও বিশ্বাস কৰিব নোৱাৰিব৷ মাত্ৰ এক কেজিকৈ চাউল আৰু গাইপতি এশ গ্ৰামকৈ শুকান চিৰা দিয়েই দ্বায়িত্ব সামৰিছে চৰকাৰে৷
ভোকৰ তাড়নাত শিবিৰত কলমলাই আছে শিশু,মহিলা,বৃদ্ধ সকলো৷ নাই পানীৰ ব্যৱস্থা,নাই খাদ্য,নাই ঔষধ পাতি,আনকি পশুধনৰ বাবেও খাদ্য যোগান ধৰা নাই চৰকাৰে৷ বহু লোক ভুগি আছে জ্বৰত৷যদিও সমীপত পুৰণি দমকল আছে তথাপি প্ৰতিনিয়ত ওলাই বোকাময় লেতেৰা পানীহে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/2c1f6bec-9fa2-4191-a02c-7f02abcb8313-1024x576.jpg)
শিবিৰত যোগান ধৰা নাই ত্ৰিপাল,যাৰবাবে বানাক্ৰান্তই নিজৰ পিন্ধা কাপোৰ কানিৰে চালি সদৃশ বনাই ল'বলৈ বাধ্য হৈছে৷ইফালে বানে তচনচ কৰা পৰিয়াল সমুহৰ ঘৰ-চোতালত আঁঠুলৈকে বোকা,ঘৰত প্ৰৱেশ কৰিব পৰা নাই কোনেও৷পশুধনক মথাউৰিত দিনেৰাতিয়ে ৰাখিছে বান্ধি৷বানাক্ৰান্ত ৰাইজৰ দাবী- হয় চৰকাৰে আমাক চকুমেলি চাওক,নহ'লে জীয়াই জীয়াই মাৰি পেলাওক৷