/asomiyapratidin/media/media_files/2025/03/07/fESg4lxqRk3Yd0sWMuIr.jpg)
ডিজিটেল ডেস্কঃ সাহিত্য একাডেমীয়ে আজি ঘোষণা কৰিলে ২০২৪ বৰ্ষৰ বিভিন্ন ভাষাৰ অনুবাদ বঁটাসমূহ। সেই অনুসৰি অসমীয়া ভাষাত এইবাৰ সাহিত্য একাডেমীৰ অনুবাদ বঁটা লাভ কৰিছে অঞ্জন শৰ্মাই। তেওঁ কনক লাল বৰুৱাৰ Early History of Kamrupa নামৰ গ্ৰন্থখন 'প্ৰাচীন কামৰূপৰ ইতিহাস' শীৰ্ষক শিৰোনামেৰে অসমীয়ালৈ অনুবাদ কৰি এই বঁটা লাভ কৰিছে।
#साहित्यअकादेमी अनुवाद पुरस्कार 2024 के लिये असमिया भाषा में अंजन शर्मा द्वारा अनूदित प्राचीन कामरूपार इतिहास (उपन्यास) को चयनित किया गया।@rashtrapatibhvn@PMOIndia@gssjodhpur@Rao_InderjitS@MinOfCultureGoI@secycultureGOI@ksraosahitya@PIB_India@PIBCulture@MIB_Indiapic.twitter.com/0zFSKAtl3c
— Sahitya Akademi (@sahityaakademi) March 7, 2025
সেইদৰে হোমেন বৰগোহাঁইৰ 'সাউদৰ পুতেকে নাও মেলি যায়' শীৰ্ষক উপন্যাসখন 'সদাগৰেৰ পুত্ৰ নৌকা বায়ে যায়' শীৰ্ষক শিৰোনামেৰে বঙালী ভাষালৈ অনুবাদ কৰি বঙালী ভাষাত অনুবাদৰ বঁটা লাভ কৰিছে বাসুদেৱ দাসে।
#साहित्यअकादेमी अनुवाद पुरस्कार 2024 के लिये बाङ्ला भाषा में बासुदेव दास की अनूदित सदगरेर पुत्र नौका बेय जय (उपन्यास) को चयनित किया गया।@rashtrapatibhvn@PMOIndia@gssjodhpur@Rao_InderjitS@MinOfCultureGoI@secycultureGOI@ksraosahitya@PIB_India@PIBCulture@MIB_Indiapic.twitter.com/DUcmXyD80C
— Sahitya Akademi (@sahityaakademi) March 7, 2025
অনুৰাধা শৰ্মা পূজাৰীৰ কাঞ্চন শীৰ্ষক বহুল জনপ্ৰিয় অসমীয়া উপন্যাসখন একে নামেৰে বড়ো ভাষালৈ অনুবাদ কৰি উত্তৰা বৈছৌমুথিয়াৰীয়ে লাভ কৰিছে বড়ো ভাষাত সাহিত্য একাডেমীৰ অনুবাদৰ বঁটা। উল্লেখ্য যে, এইবাৰ সাহিত্য একাডেমীৰ অসমীয়া ভাষাৰ অনুবাদ বঁটাৰ বাবে জুৰীৰ মেম্বাৰ হিচাপে আছিল ড০ বন্দীতা গোস্বামী শইকীয়া, অধ্যাপক বিভাষ চৌধুৰী আৰু পাৰ্থপ্ৰতীম হাজৰিকা। সেইদৰে বড়ো ভাষাত জুৰীৰ মেম্বাৰ আছিল বাবু ৰাম বড়ো, গোবিন্দ নাৰ্জাৰী আৰু ৰিজুৰাজ বসুমতাৰী।
#साहित्यअकादेमी अनुवाद पुरस्कार 2024 के लिये बर’ भाषा में उत्तरा बिस्वामुथियारी की अनूदित कंचन (उपन्यास) को चयनित किया गया।@rashtrapatibhvn@PMOIndia@gssjodhpur@Rao_InderjitS@MinOfCultureGoI@secycultureGOI@ksraosahitya@PIB_India@PIBCulture@MIB_Indiapic.twitter.com/tVQKooXz0w
— Sahitya Akademi (@sahityaakademi) March 7, 2025
বঙালী ভাষাত আকৌ জুৰীৰ মেম্বাৰ আছিল অৰুণ ছোম, ৰঞ্জন বেনাৰ্জী আৰু অমিতাভ গুপ্তা। সাহিত্য একাডেমীয়ে আজি মুঠ ২১ টা ভাষাত অনুবাদৰ বঁটা ঘোষণা কৰিছে। নেপালী আৰু সংস্কৃত ভাষাত অনুবাদৰ বঁটা আজি ঘোষণা কৰা নাই যদিও পৰৱৰ্তী সময়ত ঘোষণা কৰিব বুলি উল্লেখ কৰিছে।