সাহিত্য সভাৰ শশীচন্দ্ৰ বৰবৰুৱা বঁটা ঘোষণাঃ লাচিত বৰফুকন বঁটা প্ৰাপক জয়ন্ত বৰুৱাক ১ নবেম্বৰত উপৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব এই সন্মান…

সাহিত্য সভাৰ শশীচন্দ্ৰ বৰবৰুৱা বঁটা ঘোষণাঃ লাচিত বৰফুকন বঁটা প্ৰাপক জয়ন্ত বৰুৱাক ১ নবেম্বৰত উপৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব এই সন্মান…

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ বিশিষ্ট বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা এইবাৰ আগবঢ়োৱা হৈছে লাচিত বৰফুকন বঁটা প্ৰাপক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্তাধিকাৰী জয়ন্ত বৰুৱালৈ। গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত উত্তৰ-পূব গ্ৰন্থমেলাৰ প্ৰথম দিনাই অৰ্থাৎ ১ নবেম্বৰত সন্মানীয় উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে বৈষ্ণৱ পণ্ডিত গৰাকীৰ নামত আগবঢ়োৱা এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰিব জয়ন্ত বৰুৱাক।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই এক প্ৰেছ বিজ্ঞপ্তি যোগে বুধবাৰে এই কথা সদৰী কৰিছে। সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিত সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে উল্লেখ কৰিছে যে- 'উত্তৰ-পূব গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে প্ৰদান কৰিব অসম সাহিত্য সভাই আগবঢ়োৱা বিশিষ্ট বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা। সাম্প্ৰতিক সময়ৰ অসমৰ সংবাদক্ষেত্ৰৰ শিৰোমণি সদৃশ সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্তাধিকাৰ, লাচিত বৰফুকন বঁটা প্ৰাপক জয়ন্ত বৰুৱালৈ আগবঢ়োৱা হৈছে এই বঁটা।'

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশিত এই বিবৃতিত সভাপতি, প্ৰধান সম্পাদক ক্ৰমে ড০ পৰমানন্দ ৰাজবংশী আৰু পদুম ৰাজখোৱাই কয় যে- 'বিশিষ্ট বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱ দেৱকে ধৰি নৱবৈষ্ণৱ ধৰ্মৰ গুৰুসকলৰ বৈষ্ণৱ সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ওৰেটো জীৱন কাম কৰি গৈছিল। মহাপুৰুষগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰক্ষণশীল সমাজত পুনৰ গঢ় লৈ উঠা সংকীৰ্ণতাৰ বিপৰীতে উদাৰতা আৰু সমাজমুখী চেতনালব্ধ সংস্কাৰমূলক কৰ্মৰাজিৰে ৫০ দশকতে সমগ্ৰ ভাৰতবৰ্ষত তেওঁ পৰিচিত হৈ পৰিছিল।'

বিবৃতিটোত আৰু উল্লেখ কৰে যে- 'বিশেষকৈ নৱবৈষ্ণৱ ধৰ্মৰ লগতে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু কৃতীৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে তেওঁ ভালে কেইখন গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে চুবুৰীয়া ৰাজ্যসমূহতো শ্ৰীমন্ত শংকৰদেৱ,মাধৱদেৱৰ সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা তথা গৱেষণাৰ বাবে বিভিন্ন অনুষ্ঠান স্থাপনত আত্মনিয়োগ কৰিছিল। তদানীন্তন উপমুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ সহযোগত শ্বিলঙত তেওঁৰেই প্ৰচেষ্টাত প্ৰতিষ্ঠা হৈছিল শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি থান। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুটাকৈ কাৰ্যকালৰ পদাধিকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা এইগৰাকী বৈষ্ণৱ পণ্ডিতৰ সমাজ চেতনাৰ সৈতে ১৯ শতিকাত অসমৰ জাতীয় জীৱনলৈ নামি অহা গভীৰ সংকটৰ কালত হেমকোষকে ধৰি ভাষা-সাহিত্য-সমাজ ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণিৰে সৰ্বকালৰ বৰেণ্য ব্যক্তিত পৰিণত হোৱা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পৰৱৰ্তী প্ৰজন্মৰ বহুখিনি মিল আছে।'

এই সন্মান জাতীয় জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা লাচিত বৰফুকন বঁটা প্ৰাপক জয়ন্ত বৰুৱাক উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে প্ৰদান কৰিব বুলি উল্লেখ কৰি বিবৃতিটোত সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে যে- 'জয়ন্ত বৰুৱাৰ পিতৃ দেৱানন্দ বৰুৱাই হেমকোষৰ পুনৰ মুদ্ৰণ আৰু বৰ্ধিত সংস্কৰণৰ বাবে চৰকাৰী চাকৰি ত্যাগ কৰি আত্মনিয়োগ কৰিছিল। তেওঁৰেই পদাংক আৰু পৰামৰ্শ অনুসৰণ কৰি জয়ন্ত বৰুৱাই প্ৰতিষ্ঠা কৰা সাদিন-প্ৰতিদিন গোষ্ঠীয়েও জাতীয় জীৱনৰ আন এক সংকটৰ সময়ত অসমীয়া সংবাদমাধ্যমক এক নতুন মাত্ৰা প্ৰদান কৰাই নহয়, গণমুখী সাংবাদিকতাৰ নতুন ধাৰাটোকো অপ্ৰতিৰোধ্য আৰু সবল ৰূপত প্ৰতিষ্ঠা কৰে। অসমৰ সংবাদক্ষেত্ৰৰ শিৰোমণি প্ৰয়াত তিলক হাজৰিকাক মুখ্য সম্পাদক ৰূপে লৈ প্ৰকাশ কৰা সাদিন আৰু অসমীয়া প্ৰতিদিনে প্ৰচলনৰ অভিলেখ ভংগ কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ সংবাদ গোষ্ঠী ৰূপে প্ৰতিষ্ঠিত হয়। এই গোষ্ঠীৰ পৰাই উন্নত মানৰ অসমীয়া সাহিত্যৰ ধাৰা অব্যাহত ৰখাৰ বাবে প্ৰকাশ পাই সাতসৰী সাহিত্য আলোচনী, একেদৰে মহিলা বিষয়ক নন্দিনী আলোচনীও অসমীয়া ভাষাৰ আলোচনীৰ জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। ছপা মাধ্যমৰ পৰা ইলেক্ট্ৰনিক মাধ্যম প্ৰতিদিন টাইম লৈ প্ৰসাৰিত হোৱা সাদিন-প্ৰতিদিন গোষ্ঠীৰ জৰিয়তে জয়ন্ত বৰুৱাই অসমৰ সংবাদ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙণিৰ উপৰি ইতিপূৰ্বে অসম সাহিত্য সভাৰ জৰিয়তে প্ৰকাশিত বিশ্বকোষৰ তিনিওটা খণ্ড মুদ্ৰনৰ সমষ্ট দায়িত্ব বহন কৰাৰ লগতে অসম নাট্য সন্মিলনৰ ইতিহাস গ্ৰন্থও মুদ্ৰনৰ দায়িত্ব লৈ সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আন এক বহুমূলীয়া অৱদান আগবঢ়াইছে। অতি শেহতীয়াকৈ আউনীআটি সত্ৰই প্ৰকাশ কৰিবলৈ লোৱা অসমৰ নামঘৰৰ ইতিহাস গ্ৰন্থৰ প্ৰথম খণ্ডটিৰ মুদ্ৰনৰ দায়িত্বও এইগৰাকী সমাজ সচেতকে গ্ৰহণ কৰিছে। এনে পৰিপ্ৰেক্ষিততে অসম সাহিত্য সভাই প্ৰখ্যাত বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা জয়ন্ত বৰুৱালৈ আগবঢ়োৱাৰ সিদ্ধান্ত অসম সাহিত্য সভাই গ্ৰহণ কৰা বুলি বিবৃতিটোত জানিবলৈ দি কয় যে- ১ নবেম্বৰৰ দিনা বিয়লি ৪ বজাত ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি মাননীয় এম ভেংকায়া নাইডুৱে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই বঁটা প্ৰদান কৰিব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in