আৰক্ষী আৰু জনতাৰ ব্যৱধান দূৰ কৰাৰ উদ্দেশ্যৰে ৰূপহীহাট আৰক্ষীৰ বিশেষ পদক্ষেপ...

ৰূপহীহাটৰ কাঠপাৰাত নগাঁও আৰক্ষীৰ উদ্যোগত আৰু ৰূপহীহাট আৰক্ষীৰ সহযোগত গাঁৱে গাঁৱে অসম আৰক্ষী আপোনাৰ সহায়ৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে।নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, ৰূপহীহাটঃ  ৰূপহীহাটৰ কাঠপাৰাত নগাঁও আৰক্ষীৰ উদ্যোগত আৰু ৰূপহীহাট আৰক্ষীৰ সহযোগত গাঁৱে গাঁৱে অসম আৰক্ষী আপোনাৰ সহায়ৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে। নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে আৰম্ভ কৰে এই পদক্ষেপ ইয়াৰ জড়িত আৰক্ষী আৰু ৰাইজৰ মাজৰ দূৰত্ব নাইকিয়া হোৱাৰ উপৰিও সজাগ সচেতন হব ৰাইজ।

আৰক্ষীৰ কাষত ৰাইজ নহয় বৰঞ্চ ৰাইজৰ কাষত আৰক্ষী উপস্থিত হৈ কেনেকৈ যিকোনো সমস্যা সহজেই সমাধান কৰিব পাৰি সেয়া ৰাইজৰ ওচৰত আৰক্ষী বিষয়াই  উপস্থাপন কৰে। লগতে ৰাইজেও বিভিন্ন আৰক্ষী বিষয়াৰ সৈতে মত বিনিময় কৰে।

আৰক্ষীৰ এনে পদক্ষেপে গাঁৱৰ সহজ সৰল জনতাৰ সুবিধা হব। কি ধৰণৰ গোচৰত কত যাব লাগে এই সন্দৰ্ভত বিতং ভাৱে ৰাইজক অৱগত কৰে ইয়াৰ জৰিয়তে ৰাইজো যতেষ্ঠ উপকৃত হব বুলি জানিব দিয়ে স্থানীয় সচেতন ৰাইজে। উক্ত সজাগতা সভাত উপস্থিত থাকে ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰুজ দত্তৰ লগতে কেইবাখনো আৰক্ষী চকীৰ বিষয়া।

অসম আৰক্ষী