প্ৰতিভা ভাগৱতী
"হাতো নেমেলিবি ফুলো নিছিঙিবি
ক'ৰে নাৱৰীয়া তই…"
সেই যে ৰূপকথাৰ সাধুটোৰ গোন্ধে
চোতালত উমলিছিল…
সাধুটোৰ মলঙা গোন্ধটো এতিয়া অতীত
এতিয়া বুৰঞ্জীয়ে নকয় ৰূপকথাৰ সাধু
ধূপ জ্বলি জ্বলি ছাঁই হোৱাৰ দৰে
সাধুটোও এদিন ছাঁই হ'ল
এন্ধাৰে এন্ধাৰে সাধুটোৰ সোঁৱৰণী অতীত হ'ল
চকুলোবোৰ নোহোৱা হ'ল
কঠিন শিলত ভেঁজা দি
তাই মোক শব্দৰে বান্ধিছিল
মনৰ আদিম অৰণ্যত প্ৰৱেশ কৰোঁতে
ভবাই নহ'ল
স্বপ্নভংগ পখী এটাই কোবাই যাবহি নেকি
শব্দত খচিত জোনাকবোৰে
মোক অনুৰণিত কৰোঁতে
মোৰ ভিতৰৰ জীৱাষ্ম মৰহি গ'ল
মিহি আঙুলিৰ মসৃন তুলিকাত
লাহ দিয়া বেলিটোৰ দৰেই
তাইৰ কপালখন সামৰি থোৱা হ'ল
নজহা-নপমা কথাবোৰ ৰূপকথা হৈয়ে ৰ'ল
বুৰঞ্জী আগবাঢ়িল
মগজু হাঁফলু হ'ল
অম্লান সময়বোৰ মমবাতিৰ দৰে জ্বলি থাকিল
ইতিহাসৰ পৃষ্ঠাত…
নিঃকিন সময়ে উপহাৰ দিলে
ধূপৰ দৰে মমৰ দৰে জীৱনটো
কথাবোৰ সঁচাকৈয়ে ৰূপকথাৰ সাধুৰ দৰেই হৈ থাকিল।