/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/rupjyoti-and-himanta-hahhaUntitled-3.jpg)
অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশনৰ দ্বিতীয় দিনা হঠাৎ সদন ত্যাগ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টেট শিক্ষকক লৈ বিৰোধীয়ে তোলা বিষয় সন্দৰ্ভত আলোচনা হৈ থকা সময়তে মন্ত্ৰীগৰাকীয়ে অধ্যক্ষৰ বিৰুদ্ধে পক্ষপাতৰ অভিযোগ তুলি সদন ত্যাগ কৰাৰ কাৰ্যই বিৰোধীকো আচৰিত কৰিছে।
মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই সন্দৰ্ভত কয়- 'সদনত আমি ৰাজ্যৰ ৪১ হাজাৰ শিক্ষকৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিলো। কোলাত কেচুৱা লৈ এই সকল শিক্ষকে চাকৰি নিয়মীয়াকৰণ আৰু অন্যান্য দাবীত আন্দোলন কৰি থকা কথা চৰকাৰক অৱগত কৰি বিষয়টো সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছিলো।
বিজেপিয়ে ভিজন ডকিউমেন্টত টেট শিক্ষকসকলৰ চাকৰিৰ নিয়মীয়াকৰণৰ কথা উল্লেখ কৰিছিল। সদনত সেই কথা দাঙি ধৰি তেওঁলোকৰ ভিজন ডকিউমেন্ট দেখুওৱাত এই বিষয়টো সদনত আলোচনা নহয় বুলি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। তাৰপাছতেই অধ্যক্ষৰ বিৰুদ্ধে এনে অভিযোগ তুলি সদন ত্যাগ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।' মৰিয়নীৰ বিধায়কগৰাকীয়ে লগতে কয়- 'এনে কাম কেতিয়াও এগৰাকী মন্ত্ৰীয়ে কৰিব নোৱাৰে বা কৰাতো অনুচিত।'